নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ আগষ্টৰ পৰা আৰম্ভ হ’ব উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ ৰাজ্যৰ শিক্ষাখণ্ডত পুনৰ আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়া অহা ২৮ আগষ্টৰ পৰা আৰম্ভ হ’ব। মেধাৰ আধাৰত শিক্ষক নিযুক্তি দিয়া হ’ব বুলি  টুইটযোগে জনালে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই বৰ্ষত উচ্চ আৰু নিম্ন প্ৰাথমিক টেট পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ তেওঁলোকৰ পচন্দৰ অনুসৰি জিলা ভিত্তিক তালিকা প্ৰস্তুত কৰি বাছনি কৰা প্ৰাৰ্থীসকলক শুকুৰবাৰে দিনৰ ১১ বজাত নিযুক্তি পত্ৰ প্ৰদান কৰিব শিক্ষা বিভাগে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে এই অনুষ্ঠান।

উল্লেখযোগ্য যে চূড়ান্ত তালিকাৰ পৰা কিছু সংখ্যক প্ৰাৰ্থীকহে নিমন্ত্ৰণ জনোৱা হৈছে এই অনুষ্ঠানলৈ। ক’ৰোনা মহামাৰীৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰাখি আয়োজন কৰা হৈছে এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বেৱচাইচযোগে নিজৰ নিযুক্তি পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। https://dee.assam.gov.inৰ যোগেদি দিনৰ ১২.৩০বজাৰ পৰা ডাউনলোড কৰিব পাৰিব নিযুক্তিপত্ৰ।

You might also like