নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ জম্মু–কাশ্মীৰৰ ছপিয়ান জিলাৰ কিলোৰা অঞ্চলত শুকুৰবাৰে সেনাৰ গুলীত নিহত হয় চাৰি দুর্ধর্ষ সন্ত্রাসবাদী৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ আই জি পিয়ে প্রকাশ কৰা মতে, পুৱা ছপিয়ান জিলাৰ কিলোৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্রাসবাদী গোট এটাৰ মাজত সংঘর্ষ হয়৷ এই সংঘর্ষৰ সময়ত সেনাই চাৰি সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে৷
আৰক্ষীয়ে প্রকাশ কৰা মতে, নিহত সন্ত্রাসবাদী চাৰিটাৰ ভিতৰত ছকুৰ পৰাই আলবদৰ আৰু ছুহেৰ ভট আছে৷ উল্লেখ্য যে এই দুই সন্ত্রাসবাদীয়ে কাণমোহৰ মুৰব্বীক অপহৰণ কৰি নি হত্যা কৰিছিল৷ সংঘর্ষৰ বিৱৰণী মতে, নিৰাপত্তা বাহিনীয়ে বিশেষ সূত্রৰ পম খেদি কিলোৰা অঞ্চলৰ এখন গাঁৱত আত্মগোপন কৰি থকা সন্ত্রাসবাদীৰ গোটটোক ঘেৰাও কৰে৷ নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰাৰ উমান পাই সন্ত্রাসবাদীৰ গোটটোৱে প্রথমে গুলীচালনা কৰে৷ ইয়াৰ প্রত্যুত্তৰত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত চাৰি সন্ত্রাসবাদী নিহত হয়৷