আনলক–৪, ৩০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব স্কুল–কলেজ–শৈক্ষিক প্রতিষ্ঠান
২১ ছেপ্টেম্বৰৰ পৰা সর্বাধিক ১০০ ব্যক্তিৰ উপস্থিতিত সামাজিক কার্যসূচীৰ অনুমতি
নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ অব্যাহত থকাৰ মাজতে আনলক ৪.০ ঘোষণা কৰিলে কেন্দ্রই৷ ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে আনলক ৪.০ৰ নির্দেশনা জাৰি কৰিলে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ কণ্টেইনমেন জ’নত লকডাউন কঠোৰভাৱে বলৱৎ থকাৰ বিপৰীতে কণ্টেইনমেন জ’নৰ বাহিৰত আনলক ৪.০ত পুনৰ মুকলি হ’বলগীয়া কার্যকলাপৰ নির্দেশনা জাৰি কৰে৷
কালি জাৰি কৰা নির্দেশনা অনুসৰি অহা ৭ ছেপ্টেম্বৰৰ পৰা মেট্র’ ৰে’লসমূহ চলাচলত অনুমতি দিয়া হৈছে৷ তেনেদৰে অহা ২১ ছেপ্টেম্বৰৰ পৰা সামাজিক/শৈক্ষিক/ক্রীড়া/বিনোদন/সাংস্কৃতিক /ধর্মীয়/ৰাজনৈতিক আৰু অন্যান্য সামাজিক কার্যসূচী আয়োজন কৰিব পাৰিব৷ অৱশ্যে এই কার্যসূচীসমূহত কেৱল ১০০জন লোক সমাগম হ’ব পাৰিব৷
কার্যসূচীত ক’ভিড–১৯ নির্দেশনা সম্পূর্ণৰূপে মানি চলিব লাগিব৷ সামাজিক দূৰত্ব, মাস্ক পৰিধান, হেণ্ডৱাছ অথবা ছেনিটাইজাৰ বাধ্যতামূলক বুলি নির্দেশনাত জাৰি কৰা হৈছে৷ আনপিনে অহা ৩০ ছেপ্টেম্বৰলৈকে স্কুল–কলেজ, শৈক্ষিক আৰু ক’চিং প্রতিষ্ঠানসমূহ সম্পূর্ণৰূপে বন্ধ থাকিব৷ অৱশ্যে অনলাইন/দূৰ শিক্ষণ অব্যাহত ৰাখিব পাৰিব৷ আনপিনে কণ্টেইনমেন জ’নৰ বাহিৰেও ২১ ছেপ্টেম্বৰৰ পৰা কেন্দ্রীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্রণালয়ৰ দ্বাৰা জাৰি কৰা এছ’পি অনুসৰি স্কুল আৰু শৈক্ষিক প্রতিষ্ঠানত কিছু ৰেহাই দিব৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা এছ’পি অনুসৰি ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহে শিক্ষক আৰু কর্মচাৰীৰ ৫০ শতাংশ বিদ্যালয়ত উপস্থিত থকাৰ অনুমতি দিব পাৰে৷ তেনেদৰে নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে শিক্ষার্থীক বিদ্যালয়লৈ অহাৰ অনুমতি দিয়া হ’ব৷ অৱশ্যে এইক্ষেত্রত শিক্ষকৰ নির্দেশনা আৰু অভিভাৱক–পিতৃ–মাতৃৰ লিখিত অনুমতি পত্র থাকিব লাগিব৷
দক্ষতা অথবা উদ্যমিতা প্রশিক্ষণৰ অনুমতি দিয়া হ’ব৷ উচ্চ শিক্ষাৰ প্রতিষ্ঠানত বিশেষকৈ গৱেষণাৰ ছাত্র (পিএইচডি) আৰু স্নাতকোত্তৰ শিক্ষার্থীক গৱেষণাগাৰলৈ অহাৰ অনুমতি দিয়া হ’ব৷ কাৰিকৰী আৰু প্রশিক্ষণ প্রতিষ্ঠানসমূহ খোলাৰ অনুমতি দিয়া হ’ব৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সৈতে উচ্চ শিক্ষাৰ শিক্ষাৰ বিভাগে পৰামর্শ অনুসৰি অনুমতি দিব পাৰিব৷
আনলক ৪.০ৰ নির্দেশনা অনুসৰি কণ্টেইনমেন জ’নৰ বাহিৰত উল্লিখিত কার্যকলাপত শিথিলতা আনিলেও কণ্টেইনমেন জ’নত ৩০ ছেপ্ঢেম্বৰলৈকে কঠোৰভাৱে বলৱৎ থাকিব লকডাউন৷ উল্লেখ্য যে কণ্টেইনমেন জ’নৰ বাহিৰত ৰাজ্যসমূহে কোনো স্থানীয় লকডাউন দিব নোৱাৰিব৷ কেন্দ্রীয় চৰকাৰৰ সৈতে পৰামর্শ অবিহনে কণ্টেইনমেন জ’নৰ বাহিৰত ৰাজ্য/কেন্দ্রীয়শাসিত অঞ্চলসমূহে কোনো লকডাউন বলৱৎ কৰিব নোৱাৰিব৷
আন্তঃৰাজ্যিক আৰু আন্তঃজিলাত চলাচলত কোনো প্রতিবন্ধকতা ৰাখিব নোৱাৰিব৷ তাৎপর্যপূর্ণ যে পূর্বৰ নির্দেশনাৰ দৰে ৬৫ বছৰ ঊর্ধ্বৰ বয়সৰ অসুস্থ নাগৰিক, গর্ভৱতী মহিলা আৰু ১০ বছৰৰ শিশু ঘৰতে থাকিব লাগিব৷ অৱশ্যে অত্যাৱশ্যকীয় প্রয়োজনীয়তা আৰু স্বাস্থ্য সন্দর্ভত এনে লোকসকল বাহিৰলৈ আহিব পাৰিব৷ আনপিনে ম’বাইল এপ আৰোগ্য সেতু প্রয়োগ কৰাটো নির্দেশনাত গুৰুত্ব দিয়া হৈছে৷