কেনচিংটন পেলেচত স্থাপন হ’ব ৰাজকুমাৰী ডায়েনাৰ প্রতিমূর্তি
৬০সংখ্যক জন্মদিনৰ দিনা হ’ব এই কার্যসূচী
নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ব্রিটেইনৰ প্রয়াত ৰাজকুমাৰী ডায়েনাৰ নতুন প্রতিমূর্তি এটা কেনচিংটন পেলেচত স্থাপন কৰা হ’ব৷ মহামাৰী ক’ৰোনাৰ বাবে চলিত বর্ষত স্থাপন কৰিবলগীয়া প্রতিমূর্তিটো পৰৱর্তী বর্ষত ৰাজকুমাৰী ডায়েনাৰ ৬০সংখ্যক জন্মদিনত স্থাপন কৰা হ’ব৷
ৰাজপৰিয়ালৰ সূত্রে প্রকাশ কৰা মতে, প্রখ্যাত ভাস্কর্য শিল্পী আয়াং ৰেংক ব্রডলীয়ে বিগত বর্ষতে ৰাজকুমাৰী ডায়েনাৰ প্রতিমূর্তি নির্মাণৰ কাম আৰম্ভ কৰিছে৷ ব্রিটেইনৰ মুদ্রাত থকা কুইন এলিজাবেথৰ ইমেজ এই ভাস্কর্য শিল্পীগৰাকীয়ে সৃষ্টি কৰিছিল৷
উল্লেখ্য যে ২০০৪ চনত হাইড পার্কত ২১০ মিটাৰৰ ডায়েনাৰ প্রথমটো স্থায়ী প্রতিমূর্তি স্থাপন কৰাৰ পিছত অহা বর্ষৰ ১ জুলাইত কেনচিংটন পেলেচত দ্বিতীয়টো প্রতিমূর্তি স্থাপন কৰা হ’ব৷ এই মূর্তিটো স্থাপন কৰিব বুলি ২০১৭ চনতে প্রিন্স উইলিয়াম আৰু হেৰীয়ে মাতৃ ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ ২০ বছৰ অতিক্রম কৰাৰ দিনা ঘোষণা কৰিছিল৷