নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ টাইম মেগাজিনত হোৱাটছএপ আৰু বিজেপিৰ যোগসূত্র প্রকাশ হোৱাৰ পিছতেই মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে৷
ছ’চিয়েল মিডিয়া প্লেটফর্মত ঘৃণা বক্তব্য নিয়ন্ত্রণ কৰাত বিজেপি চৰকাৰ ব্যর্থ হোৱা বুলি টাইম মেগাজিনত প্রতিবেদন প্রকাশ পাইছে৷ হোৱাটছএপ ৪০ কোটি ভাৰতীয়ই ব্যৱহাৰ কৰে৷ হোৱাটছএপে টকা বিচাৰে আৰু যাৰ বাবে মোদী চৰকাৰৰ অনুমোদন লাগে৷
এনে ক্ষেত্রতে বিজেপিয়ে হোৱাটছএপৰ ওপৰত নিজৰ নিয়ন্ত্রণ ৰাখিছে৷ টাইম মেগাজিনৰ প্রতিবেদনত প্রকাশ পোৱা মতে, মোদী চৰকাৰৰ সৈতে বুজাবুজি থকাৰ বাবে ফেচবুকে বিজেপি নেতাকে ধৰি একাংশ লোকৰ ঘৃণা বক্তব্য নিৰীক্ষণ কৰাত ব্যর্থ হৈ আছে৷ উল্লেখ্য যে কংগ্রেছে এই সন্দর্ভত বিজেপিক বিগত কিছুদিন ধৰি আক্রমণৰ লক্ষ্য কৰি আহিছে৷