নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত লকডাউনৰ নির্দেশনা উলংঘাৰে বজাৰ

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ সত্ত্বেও সাধাৰণ নাগৰিকৰ অসাৱধানতাৰ পৰিপ্রেক্ষিতত ৰাজ্যজুৰি পুনৰ লকডাউন ঘোষণা কৰা হ’ব বুলি মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণই সকীয়নি দিয়াৰ পিছতো গা লৰা নাই মহানগৰবাসীৰ৷ ৰাজধানী চহৰ গুৱাহাটীত চলিছে লকডাউন ভংগৰ অঘোষিত প্রতিযোগিতা৷ সপ্তাহটোত মাত্র দুদিনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউন পালন কৰিবলৈও যেন আগ্রহী নহয় গুৱাহাটীবাসী৷ অপ্রয়োজনীয়ভাৱে ঘৰৰ বাহিৰলৈ নোলাবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো বিপৰীত দৃশ্যহে পৰিলক্ষিত হৈছে মহানগৰীত৷ উইকেণ্ড লকডাউন ভংগ কৰি আজিৰ দিনটোত মহানগৰীৰ বিভিন্ন প্রান্তত বহিল সাপ্তাহিক বজাৰ৷ গুৱাহাটীৰ মালিগাঁও, লালগণেশ, নুনমাটি, হাতীগাঁও, গণেশগুৰি, জালুকবাৰী, ফটাশিল আমবাৰী আদি অঞ্চলত লকডাউন অমান্য কৰি বজাৰত হেতা–ওপৰা লগোৱা পৰিলক্ষিত হয় একাংশ গ্রাহকে৷

লক্ষণীয়ভাৱে বজাৰলৈ ওলাই অহা গ্রাহক তথা ব্যৱসায়ীসকলে স্বাস্থ্যবিধিসমূহ মানি চলা দেখা নগ’ল৷ অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈয়ে বজাৰলৈ ওলাই আহে৷ তদুপৰি বজাৰসমূহত সামাজিক দূৰত্ব নৰখাকৈয়ে গ্রাহকে সামগ্রী ক্রয় কৰিবলৈ হেতা–ওপৰা লগায়৷ উল্লেখ্য যে ৰাজ্যত ক’ৰোনাৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ মাৰাত্মক ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যাই ১ লাখৰ ঘৰ অতিক্রম কৰিছে৷ বিশেষকৈ গুৱাহাটীত ক’ৰোনাৰ দ্রুত সংক্রমণত ৰাজ্য চৰকাৰ উদ্বিগ্ণ হৈ পৰিছে৷ যাৰ পৰিপ্রেক্ষিতত গুৱাহাটীত ২১ দিনৰ বাবে ঘোষণা কৰা হৈছিল সম্পূর্ণ লকডাউন৷ সমান্তৰালভাৱে ৰাজ্যজুৰি বলৱৎ কৰা হয় উইকেণ্ড লকডাউন৷ অর্থাৎ প্রতি সপ্তাহৰ শনি আৰু দেওবাৰে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তর্গত অঞ্চলসমূহত সম্পূর্ণ লকডাউন বলৱৎ কৰা হয়৷

যাতে ক’ৰোনাৰ গণসংক্রমণ কিছু পৰিমাণে হ’লেও ৰোধ কৰিব পৰা যায়৷ কিন্তু ৰাজ্য চৰকাৰ উদ্বিগ্ণ হৈ পৰাৰ সময়তে ক’ৰোনাৰ সংক্রমণক লৈ যেন অকণো চিন্তিত নহয় মহানগৰবাসী৷ মাস্ক পৰিধান নকৰাকৈয়ে বজাৰ–সমাৰৰ লগতে কর্তব্যলৈ একাংশ লোকক ওলাই অহা দেখা গৈছে৷ অর্থনৈতিক কাম–কাজ সুচাৰুৰূপে চলাৰ লগতে ৰাইজৰ সুবিধাৰ বাবে লকডাউন শিথিল কৰা দিনসমূহত নিশা ৯ বজা পর্যন্ত দোকান–পোহাৰ খোলাৰ অনুমতি দিয়া হৈছে৷ তৎসত্ত্বেও উইকেণ্ড লকডাউনৰ দিন দুটাত বজাৰ কৰিবলৈ মহানগৰীখনৰ লোকসকল ওলাই অহা কার্যই সকলোকে চিন্তিত কৰি তুলিছে৷

সমান্তৰালভাৱে এইক্ষেত্রত সম্পূর্ণ নিস্ক্রিয় ভূমিকা পালন কৰিছে আৰক্ষী–প্রশাসনে৷ লকডাউন ভংগ কৰি বহা বজাৰ–সমাৰ বন্ধ কৰাৰ বাবে আৰক্ষীয়ে গ্রহণ কৰা নাই কোনো ব্যৱস্থা৷ প্রথম পর্যায়ৰ লকডাউনৰ সময়ত আৰক্ষী যথেষ্ট কঠোৰ হোৱাৰ বাবে লকডাউন সম্পূর্ণ সফল হৈছিল৷ আৰক্ষীৰ ভয়ত লকডাউনৰ সময়ত অপ্রয়োজনীয়ভাৱে বাহিৰলৈ ওলোৱাৰ প্রাক্ক্ষণত এবাৰ ভাবিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সম্প্রতি আৰক্ষীয়ে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ মহানগৰীখনত নাই তালাচীৰো বিশেষ ব্যৱস্থা৷ যাৰ সুযোগ লৈ গুৱাহাটীৰ অলিয়ে–গলিয়ে একাংশ দোকান খুলি ৰখাৰ লগতে বজাৰ–সমাৰ বহিবলৈ আৰম্ভ কৰিছে৷ মাছ–মাংস, ফলমূল, শাক–পাচলিৰ বজাৰলৈ নিয়ম উলংঘা কৰি আহিছে গ্রাহকে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে ক’ৰোনাৰ সংক্রমণে ৰাজ্যত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাটো একপ্রকাৰ নিশ্চিত৷

You might also like