৮ মাহত গুৱাহাটী পথ দুর্ঘটনাত ১০৭জনৰ মৃত্যু
নিয়মীয়া বার্তা, ৩০ আগষ্টঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুর্ঘটনা৷ চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈকে ৮টা মাহত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত পথ দুর্ঘটনাত ১০৭জন লোকে অকালতে প্রাণ হেৰুৱাইছে৷ গুৱাহাটী মহানগৰীৰ তিনি আৰক্ষী জিলাৰ অন্তর্গত ভিন্ন স্থানত সংঘটিত হোৱা পথ দুর্ঘটনাত ১০৭জন লোকে প্রাণ হেৰুওৱাৰ লগতে ২৬০জন লোক আহত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ পশ্চিম আৰক্ষী জিলাত জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈ সর্বমুঠ ১২৭টা পথ দুর্ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত ৪৪টা ভয়াৱহ পথ দুর্ঘটনাত ৪৬জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৮৯জন লোক গুৰুতৰভাৱে আহত হৈছে৷ একেদৰে পূব আৰক্ষী জিলাত সংঘটিত ১৪৭টা পথ দুর্ঘটনাত ৩৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১৪জন লোক আহত হৈছে৷ মধ্য আৰক্ষী জিলাত সংঘটিত ৭৩টা পথ দুর্ঘটনাত ১৪জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৪৫জন লোক আহত হৈছে৷ লকডাউনৰ বাবে জুলাই আৰু আগষ্ট মাহত মহানগৰীত পথ দুর্ঘটনাৰ সংখ্যা হ্রাস পাইছে যদিও এই দুটা মাহত ১০জন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষী সূত্রত প্রকাশ৷