বিটিআৰ চুক্তি কার্যকৰী নকৰিলে বিভাজনৰ দাবীত উত্তাল হ’ব অসম
কেন্দ্র–ৰাজ্য চৰকাৰক চৰম সকীয়নিৰে হাইক’টত নর্থ–ইষ্ট হেৰিটেজ ফাউণ্ডেচনৰ আবেদন
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ বড়োভূমিত পুনৰ পৃথকতাবাদী আন্দোলনৰ উকমুকনি৷ বড়ো শান্তি চুক্তি কার্যকৰীকৰণৰ প্রতি কেন্দ্র–ৰাজ্য চৰকাৰে দেখুওৱা অনীহাৰ পৰিণতিতে অসম বিভাজনৰ দাবীত উত্তাল হ’ব ৰাজ্যৰ ৰাজপথ৷ এই সম্ভাৱনা স্পষ্ট হৈ পৰিছে তৃতীয় বড়ো শান্তি চুক্তিৰ মধ্যস্থতাকাৰী ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচৰ ভাষ্যত৷ দেওবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি চুক্তিখনৰ অন্যতম মধ্যস্থতাকাৰীগৰাকী কেন্দ্র–ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে৷ কেৱল সেয়াই নহয়, বড়ো শান্তি চুক্তি শীঘ্রে ৰূপায়ণৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বার্থজড়িত আবেদনো দাখিল কৰিছে মধ্যস্থতাকাৰী সংগঠন নর্থ–ইষ্ট হেৰিটেজ ফাউণ্ডেচনে৷ ৪৯/২০২০ নং পি আই এলখনৰ জৰিয়তে শান্তি চুক্তি কার্যকৰী কৰিবৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰক প্রয়োজনীয় নির্দেশ দিবলৈ ন্যায়ালয়ত আবেদন জনোৱা হৈছে৷ কোনো এখন ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিবৰ বাবে ন্যায়ালয়ত গোচৰ তৰিবলগীয়া হোৱা এই ঘটনা নজিৰবিহীন বিবেচিত হৈছে৷ এই বিষয়ে সদৰী কৰি নর্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচনৰ সঞ্চালক ৰাজ কুমাৰ পৃথ্বিৰাজ নাৰায়ণদেৱ মেচে সংবাদ মেলত কয় যে যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হৈছিল৷ সমূহ বড়ো সংগঠনে পৃথক বড়োলেণ্ডৰ দাবী প্রত্যাহাৰ কৰি বড়ো টেৰিটৰিয়েল ৰিজ’ন (বিটিআৰ) গঠনৰ চুক্তিত স্বাক্ষৰ কৰিছিল৷ কিন্তু এই বি টি আৰ চুক্তিৰ কার্যকৰীকৰণৰ ৰূপ দেখিলে সকলোৰে চকু কপালত উঠিব৷ এক কথাত চুক্তিখনৰ প্রতি দেখুওৱা অনীহাই চৰকাৰৰ সদিচ্ছাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ তেওঁ লগতে কয়, ‘মধ্যস্থতাকাৰী হিচাপে আমি ম্যানমাৰলৈ গৈ এনডিএফবি নেতৃত্বক চুক্তিৰ বাবে সৈমান কৰি আনিছিলোঁ৷ ঐক্যবদ্ধ অসমৰ বাবে সকলো গোটে দিল্লীলৈ গৈ চুক্তিত স্বাক্ষৰ কৰিছিল৷ বি চাওৰাইগৌৰা গোটে চুক্তি অনুসৰি অস্ত্রও সম্বৰণ কৰিলে৷ বিটিএডিৰ লগতে অসমৰ ৰাইজো এই চুক্তিক লৈ আশ্বস্ত হৈছিল৷ কিন্তু দুখ আৰু পৰিতাপৰ বিষয়টো হ’ল চুক্তিখন কার্যকৰী কৰিবৰ বাবে চৰকাৰে কোনো পদক্ষেপেই যোৱা সময়ছোৱাত নল’লে৷ সকলোৱে ভাবিছিল যে তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অসমত বড়ো–সমীয়া সকলো ভাই ভাই হৈ থাকিব৷ কিন্তু আজি স্বাক্ষৰ হোৱাৰ ৭ মাহ উকলি যোৱাৰ পিছতো কোনো এটা পক্ষই চুক্তিখন ৰূপায়ণৰ প্রতি আগ্রহ নেদেখুৱালে৷’ বড়ো শান্তি চুক্তিৰ মূল বিষয়সমূহ দোহাৰি ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে কয় যে তৃতীয় বড়ো শান্তি চুক্তিৰ ৩নং দফা অনুসৰি বিটিচিৰ আশে–পাশে থকা জনজাতীয় গাঁওসমূহক অন্তর্ভুক্তিৰে বিটিআৰ গঠনৰ কথা কোৱা হৈছে৷ ইয়াৰ বাবে ষষ্ঠ অনুসূচীৰ অধীনত এখন আয়োগ গঠনৰ বিষয়ে চুক্তিত উল্লেখ আছে৷ এই আয়োগত অসম চৰকাৰ, এবছু বিটিচিৰ সদস্য হিচাপে থাকিব৷ লগতে আয়োগে ৬ মাহৰ ভিতৰত প্রতিবেন দাখিল কৰিব৷ কিন্তু শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ ৭ মাহ উকলি গ’ল৷ বিটিআৰত এখনো গাঁও অন্তর্ভুক্ত নহ’ল৷ ৬ মাহৰ ভিতৰত প্রতিবেদন দাখিল দূৰৈৰ কথা, আয়োগেই গঠন কৰা নহ’ল৷ একেখন চুক্তি অনুসৰি বিটিআৰত পৰিষদীয় সমষ্টি ৬০টালৈ বৃদ্ধি কৰা হ’ব৷ কিন্তু আজিপর্যন্ত পূর্বৰ ৪০টা পৰিষদীয় সমষ্টিৰ পৰা এই সংখ্যা ৪১টালৈও বৃদ্ধি নহ’ল৷ সংবাদ মেলত ক্ষোভ উজাৰি চুক্তিৰ মধ্যস্থতাকাৰীগৰাকী পুনৰ কয় যে তৃতীয় বড়ো শান্তি চুক্তিৰ ৯ নং দফাত অস্ত্র সম্বৰণ কৰা এনডিএফবি সদস্যসকলৰ পুনৰ সংস্থাপনৰ কথা কোৱা হৈছে৷ ৯ নং দফা অনুসৰি অস্ত্র সম্বৰণ কৰা এনডিএফবি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদর্শকগৰাক্ নেতৃত্বত এখন সমিতি গঠন কৰিবলৈ কোৱা হৈছিল৷ এয়াও আজিলৈকে হৈ নুঠিল৷ আনকি বি চাওৰাইগৌৰা গোটৰ এজনো এনডিএফবি সদস্যই যোৱা ৭ মাহে এটকাও ভাট্টা লাভ কৰা নাই৷ তেওঁলোকৰ জীৱন–জীৱিকাৰ বাবেও কোনো পদক্ষেপ নল’লে৷ এনে পৰিস্থিতিত স্বাভাৱিকতে মধ্যস্থতাকাৰী সংগঠন নর্থ–ইষ্ট হেৰিটেজ ফাউণ্ডেচন ক্ষোভিত হৈ পৰিছে৷ যাৰ বাবে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ৰাজহুৱা স্বার্থজড়িত আবেদনো দাখিল কৰিছে৷ চৰকাৰৰ অনীহাই অসমত পুনৰ বিভাজনমুখী পৰিস্থিৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰি ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে কয় যে যদিহে চৰকাৰে অনতিপলমে তৃতীয় বড়ো শান্তি চুক্তি ৰূপায়ণৰ বাবে কোনো পদক্ষেপ নলয়, তেনেহ’লে পুনৰ পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ বাদে আন একো বিকল্প নাথাকিব৷ পুনৰ বড়ো সংগঠনসমূহে ডিভাইড আছাম ফিফটী–ফিফটী, ন’ বড়োলেণ্ড– ন’ ৰেষ্ট দাবী উত্থাপন কৰিব৷ বড়োলেণ্ড গঠনৰ দাবীত পুনৰ উত্তাল হৈ পৰিব ৰাজ্যৰ ৰাজপথ৷ যদিহে কেন্দ্র আৰু ৰাজ্য চৰকাৰে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাটো বিচৰা নাই, তেনেহ’লে অনতিপলমে তৃতীয় বড়ো শান্ত চুক্তি কার্যকৰী কৰক৷ উল্লেখ্য যে চুক্তিখন সঠিকভাৱে ৰূপায়ণৰ দাবীত যোৱা ৩১ জুলাইত নর্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচনৰ সঞ্চালক ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচ আৰু কার্যবাহী সঞ্চালক থুলুংগা বসুমতাৰীয়ে গৃহমন্ত্রী অমিত শ্বাহলৈ এখন স্মাৰকপত্র প্রেৰণ কৰিছিল যদিও তাৰো কোনো সদ্যুত্তৰ লাভ নকৰিলে মধ্যস্থতাকাৰী সংগঠনসমূহে৷