নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্চিলোনাৰ মেডিকেল টেষ্টত অনুপস্থিত মেছি; দুই দশকজোৰা সম্পর্কৰ অৱসান নিশ্চিত

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ বিগত ২০ বছৰ ধৰি খেলি থকা বার্চিলোনাৰ সৈতে সংঘাত তীব্রতৰ হৈ উঠিছে ছুপাৰ ষ্টাৰ লি’নেল মেছিৰ৷ যোৱা মঙলবাৰে বার্চিলোনা ত্যাগ কৰিবলৈ আগ্রহী বুলি ৰাজহুৱাকৈ ঘোষণা কৰা মেছিয়ে কালি ক্লাবটোৰ মেডিকেল টেষ্টত অংশ লোৱাৰ পৰা বিৰত থাকে৷

প্রি ছিজন মেডিকেল টেষ্টৰ বাবে বার্চিলোনাৰ সকলো খেলুৱৈ দেওবাৰে পুৱা দলটোৰ ট্রেইনিং গ্রাউণ্ডত উপস্থিত হয় যদিও আর্জেণ্টিনাৰ তাৰকাগৰাকী অনুপস্থিত থাকে৷ সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রি ছিজন প্রস্তুতি শিবিৰতো মেছিয়ে অংশগ্রহণ নকৰে বুলি স্পেনিছ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে৷

উল্লেখ্য যে চেম্পিয়নছ লীগৰ কোৱার্টাৰ ফাইনেলত বেয়ার্ন মিউনিখৰ হাতত ২–৮ গ’লত বার্চিলোনা বিধ্বস্ত হোৱাৰ পিছতে ক্লাব কর্তৃপক্ষৰ সৈতে সংঘাতৰ সূত্রপাত ঘটে ছুপাৰ ষ্টাৰ মেছিৰ৷ ইয়াৰ পিছতে আর্জেণ্টিনাৰ তাৰকা ষ্ট্রাইকাৰগৰাকীয়ে বার্চিলোনা ত্যাগ কৰিবলৈ সাজু বুলি ঘোষণা কৰে৷

You might also like