নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ইউ এছ অ’পেন

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে সোমবাৰৰ পৰা নিউয়র্কত আৰম্ভ হ’ব ইউ এছ অ’পেন৷ মহামাৰীৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রথমখন গ্রেণ্ডশ্লাম হিচাপে পৰিচিত ইউ এছ অ’পেন ইতিহাসত প্রথমবাৰৰ বাবে দর্শকৰ অনুপস্থিতিত খেলোৱা হ’ব৷ ডিফেণ্ডিং চেম্পিয়ন ৰাফেল নাডাল আৰু মহিলাৰ শীর্ষস্থানপ্রাপ্ত তাৰকা এছলে বার্টিৰ অনুপস্থিতিত ন’ভাক জক’ভিচ আৰু ছেৰেনা উইলিয়ামছ এইবাৰৰ ইউ এছ অ’পেনৰ হট ফেভাৰিট হিচাপে চিহ্ণিত হৈছে৷

মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি স্পেনিছ তাৰকা ৰাফেল নাডাল, মহিলাৰ শীর্ষস্থানপ্রাপ্ত তাৰকা এছলে বার্টিয়ে ইউ এছ অ’পেনৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ ইফালে, স্পেনিছ তাৰকা ৰাফেল নাডাল পিঠিৰ আঘাতৰ বাবে প্রতিযোগিতাখনৰ পৰা আঁতৰি আছে৷ আনহাতে মহামাৰীৰ মাজত আৰম্ভ হ’বলগীয়া ইউ এছ অ’পেনৰ বাবে অধিক সতর্কতা অৱলম্বন কৰিছে ইউনাইটেড ষ্টেটছ টেনিছ এছ’চিয়েচনে৷ খেলুৱৈ আৰু বিষয়ববীয়াসকলক জৈৱিকভাৱে সুৰক্ষিত আবেষ্টনীৰ মাজত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ এই সময়ছোৱাত কোনো খেলুৱৈয়ে টেনিছ ক’টলৈ অহাৰ বাহিৰে আন কোনো স্থান ভ্রমণ কৰিব নোৱাৰিব৷

You might also like