নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩সংখ্যক ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সংখ্যা ১৩ৰে আছিল বিশেষ সম্পৰ্ক

নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দেশৰ এগৰাকী বৰেণ্য ৰাজনীতিক প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৱে শোকাকুল কৰি ৰাখিছে দেশবাসীক। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে সাতদিনীয়া ৰাষ্ট্ৰীয় শোক। এনে শোকৰ মাজতে জনাব খুজিছোঁ ৰাষ্ট্ৰপতিগৰাকীৰ জীৱনৰে থকা সংখ্যা ১৩ৰ বিশেষ সম্পৰ্কৰ খবৰ।

বিবাহ
প্ৰণৱ মুখাৰ্জীয়ে সুব্ৰা মুখাৰ্জীৰে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল ১৩ জুলাই, ১৯৫৭ত।

ৰাষ্ট্ৰপতি
২০১২ চনত দেশৰ ১৩সংখ্যক ৰাষ্ট্ৰপতি ৰূপে পৰিচিত হৈছিল মুখাৰ্জী।

ঘৰ
ইউ পি এ চৰকাৰৰ বিত্তমন্ত্ৰী হৈ থকা কালত মুখাৰ্জীয়ে বাস কৰিছিল দিল্লীত। দিল্লীৰ তালকটোৰাস্থিত তেওঁৰ ঘৰৰ নম্বৰ আছিল ১৩।

ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট
ৰাষ্ট্ৰপতি নিৰ্বাচনত মুখাৰ্জীয়ে পাইছিল মুঠ ৭,১৩,৭৬৩টা ভোট। ইয়াতো আছিল ১৩ সংখ্যা।

প্ৰাৰ্থী ৰূপে উল্লেখ কৰা দিন
১৩ জুন, ২০১২ত ইউ পি এ চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰূপে নাম উল্লেখ কৰিছিল দুগৰাকী ব্যক্তিৰ। সেয়া আছিল প্ৰণৱ মুখাৰ্জী আৰু হামিদ আনছাৰি।

সংসদত প্ৰথম খোজ
১৯৬৯ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাজ্যসভাৰ সাংসদ ৰূপে প্ৰক্ষেপ কৰিছিল মুখাৰ্জীক। ৰাজ্যসভাত এগৰাকী সাংসদ ৰূপে সংসদত প্ৰথম খোজ দিছিল ১৩ জুলাইত।

মৃত্যু

প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জীয়ে মৃত্যুবৰণ কৰিলে আজি ৩১ আগষ্টত। এয়া ১৩ নহয়। কিন্তু যদি চোৱা যায় তেন্তে ৩১ক ওলোটাই দিলে হয় ১৩।

You might also like