নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ অসমৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রকাশ পোৱাৰ এবছৰ হ’ল৷ বিষয়টো আজিও অনিশ্চয়তাত৷ প্রকাশ পোৱা পঞ্জীখন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ব্যর্থতাৰ দলিল হিচাপে চিহ্ণিত হ’ল৷ ছাত্র সন্থাই উচ্চতম ন্যায়ালয়ত পুংখানুপুংখ পৰীক্ষাৰ বাবে আবেদন জনাইছিল আৰু উচ্চতম ন্যায়ালয়ৰ পৰা ন্যায়ৰ আশাত ছাত্র সন্থা অপেক্ষা কৰি আছে৷ এনআৰচি প্রকাশৰ এবছৰ পূর্ণ হোৱা দিনটোত এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ৷ সোমবাৰে এক বিবৃতিত ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে অসম চুক্তি তথা দেশৰ আইনৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ ৰিৱচ্ছিন্ন তদাৰকত অসমত প্রথমবাৰৰ বাবে এটা নির্দিষ্ট পদ্ধতিৰ মাজেদি ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম পৰিচালিত হৈ চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ পাইছিল যদিও কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যর্থতাৰ বাবে ছাত্র সন্থা আৰু অসমৰ জনসাধাৰণে আশা কৰা ধৰণে ফলাফল নাপালে৷ এইখন কেন্দ্রীয় আৰু অসম চৰকাৰৰ ব্যর্থতাৰ দলিল হিচাপে চিহ্ণিত হৈ থাকিব৷ বিবৃতিটোত লগতে কোৱা হয় যে ছাত্র সন্থাই উচ্চতম ন্যায়ালয়ৰ তদাৰকত হোৱা চূড়ান্ত নাগৰিকপঞ্জীখন অগ্রাহ্য কৰা নাই৷ ফলাফলতহে ছাত্র সন্থা সন্তুষ্ট নহয়৷ প্রক্রিয়াটো সম্পূর্ণ নহ’ল৷ প্রক্রিয়াটোত ত্রুটি ৰৈ গ’ল৷ যিটো ফলাফল ওলাল সেইটো ইতিমধ্যে কেন্দ্রীয় চৰকাৰে সময়ে সময়ে সংসদত দাখিল কৰা সংখ্যাৰ কাষ নাচাপিল৷ ছাত্র সন্থা সংখ্যাৰ পিছত দৌৰা নাই৷ কিন্তু ছাত্র সন্থা আৰু জনসাধাৰণে ইয়াতকৈও ভাল ফলাফল আশা কৰিছিল৷ এই ত্রুটিবোৰ আঁতৰ হ’লেহে আশা কৰা ফলাফল পাব পাৰি৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশসমূহ কার্যকৰী নকৰা বাবে ত্রুটিসমূহ ৰৈ গ’ল৷ ছাত্র সন্থাই উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ আধাৰত প্রথম খচৰাখন অর্থাৎ য’ত অৰিজিনেল ইনহেবিটেণ্টসকলৰ নাম সন্নিৱিষ্ট হৈ আছে, সেই তালিকাখন বাদ দি বাকী নাগৰিকপঞ্জীখনৰ পুংখানুপুংখ পৰীক্ষা বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰিছে৷ ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতৰ প্রক্রিয়া পোনপ্রথমবাৰৰ বাবে আগবাঢ়িছিল৷ কিন্তু অবৈধ বিদেশীৰ ভোটৰ মোহত দিল্লী, দিছপুৰত থকা সকলো দলৰ চৰকাৰে ইয়াত বিধিপথালি দিয়া কামতহে আত্মনিয়োগ কৰিলে৷ বিজেপি নেতৃত্বাধীন দিল্লী, দিছপুৰৰ চৰকাৰে খচৰালৈকে সন্তুষ্টি প্রকাশ কৰিও তাৰ পিছৰ সময়খিনিত বাকীখিনি কামত বিধিপথালি দিলে৷ কাৰণ এটাই– এনআৰচিখন অসম চুক্তিমর্মে উন্নীত হৈছে আৰু তেওঁলোকৰ ভোটবেংক ৰক্ষা কৰিবলৈ ‘কা’খনে অসম চুক্তিক উলংঘা কৰিছে৷ কেৱল ভোটবেংকৰ বাবে ‘কা’খন জাপি দিয়াৰ বাবেই ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ প্রক্রিয়াটো বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নাশ কৰিবলৈ ষড়যন্ত্র কৰিলে৷ ছাত্র সন্থাই ন্যায়ালয়ৰ পৰা পুংখানুপুংখ পৰীক্ষাৰ বাবে ন্যায় পাব বুলি আশাবাদী৷ ফলাফল নোপোৱালৈকে ছাত্র সন্থাই নিজৰ দায়িত্ব পালন কৰি যাব৷