গ্রীষ্মত পদিনা খাওক
সৰুতে মায়ে খুব তেঁতেলি দি পদিনা চাটনি খোৱাৰ কথা মনত পৰে৷ ঘৰৰ পিৰালিটোৰ পৰা পদিনা ছিঙি আনি ভালকৈ ধুই খুব ধুনীয়াকৈ চাটনি বনাইছিল৷ খাবলৈ বেচ সোৱাদ হৈছিল৷ মাজে মাজে সৰুতে মই প্রত্যক্ষ কৰিছিলোঁ যে মায়ে কেৱল পদিনাৰ পাত পিচি গালত, ডিঙিত আৰু পিঠিত লগাই থৈছিল আৰু ১৫–২০ মিনিটৰ পিছত শীতল পানী দি ধুই দিছিল৷ তেতিয়া কিন্তু একেবাৰে মই জ্ঞাত নাছিলোঁ যে পদিনা বহুত ঔষধি গুণেৰে ভৰপূৰ৷ যেতিয়া পাঠ্যক্রমত পদিনাৰ বিষয়ে পঢ়িবলৈ পালোঁ, তেতিয়াহে সৰুতে মায়ে কিয় পদিনা পিচি লগাইছিল সেই বিষয়ে বুজি পাইছিলোঁ৷
পদিনা শীতল গুণেৰে ভৰপূৰ৷ পদিনা সকলো ঋতুতে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াৰ শীতল গুণৰ বাবে গ্রীষ্মকালত ইয়াৰ ব্যৱহাৰে খাদ্য হজম হোৱাত বিশেষ সহায় কৰে৷
- ২ চামুচ পদিনাৰ পেষ্ট, ১ চামুচ অপৰাজিতাৰ পেষ্ট আৰু ২ চামুচ হালধিৰ পেষ্ট একেলগে মিহলাই মুখত লগাই থ’ব লাগে৷ ১৫–২০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব৷ এই মিশ্রণ ব্যৱহাৰ কৰিলে শালমইনা, ফোঁহা, ঘামচিৰ পৰা পৰিত্রাণ পাব পাৰি৷
- ২ চামুচ পদিনাৰ ৰস আৰু ২ চামুচ হালধিৰ ৰস একেলগে মিহলাই নিতৌ এবাৰকৈ সেৱন কৰিলে খৰ–খজুৱতি, শালমইনা, ঘামচিৰ পৰা উপশম পাব পাৰি৷
- ১ চামুচ পদিনাৰ ৰস আৰু ১ চামুচ গোল নেমুৰ ৰসৰ লগত মিহলাই নিতৌ দুবাৰকৈ খালে, বদহজম, পেলু, বমি বমি ভাব থাকিলে নোহোৱা হয়৷
- ৪ চামুচ পদিনাৰ পেষ্ট, ১ চামুচ কর্পূৰৰ গুড়ি মিহলাই সেই মিশ্রণখিনি ঘামচি হোৱা ঠাইবোৰত নিতৌ দুবাৰকৈ ব্যৱহাৰ কৰিলে ঘামচি নোহোৱা হয়৷
- ১০টা পদিনাৰ পাত, ১০টা ইউকেলিপটাছৰ পাত, ১ টুকুৰা কর্পূৰ পানীত দি উতলাই ল’ব৷ যেতিয়া ইয়াৰ পৰা ভাপবোৰ ওলাব, তেতিয়া সেই ভাপ নাকে–মুখে দি টানিলে চর্দি, কাহ, এজমা, উশাহ লোৱাত কষ্ট পোৱা সমস্যা দূৰ হয়৷
- আজিকালি বজাৰত পদিনা টেবলেট, কেপছুল উপলব্ধ৷ নিতৌ দুটাকৈ সেৱন কৰিলে চর্মৰোগ, কোষ্ঠকাঠিন্য, বদহজম, বমি আদিৰ পৰা উপশম পাব৷ সৰু ল’ৰা–ছোৱালীৰ বাবে ছিৰাপ উপলব্ধ৷
- যিসকল মধুমেহ ৰোগীৰ বদহজম, হাত–ভৰি জ্বলা পোৰা কৰে, সেইসকলে নিতৌ পদিনা সেৱন কৰিব লাগে৷
- ২ চামুচ পদিনাৰ ৰসৰ লগত ২ চামুচ লউৰ ৰসেৰে নিতৌ দুবাৰকৈ গৰম পানীত দি কুলকুলি কৰিলে দাঁত বিষ, দাঁত পোকে খোৱা, ডিঙিৰ বিষৰ পৰা উপশম পাব৷
- যদি খুব মূৰৰ বিষ হয়, তেনেহ’লে পদিনাৰ পেষ্ট বনাই লগাই থ’ব৷ ২০ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুই দিব৷ এনে কৰিলে যিকোনো কাৰণত হোৱা মূৰৰ বিষৰ পৰা উপশম পাব৷
- ২ চামুচ পদিনাৰ ৰস, ২ চামুচ তিতাকেৰেলাৰ ৰস নিতৌ এবাৰকৈ ব্যৱহাৰ কৰিলে মধুমেহ, ঘামচি, চর্মৰোগ, পেলু আদিৰ পৰা উপশম পাব৷
- যিসকলৰ জোতা পিন্ধিলে ঘামি দুর্গন্ধ ওলায়, তেওঁলোকে নিতৌ ভৰিৰ তলুৱাত পদিনাৰ পেষ্ট লগাব পাৰে৷ লগতে জোতাযোৰৰ ভিতৰত পদিনাৰ পাত থৈ পিন্ধিব পাৰে৷ যিসকলৰ শৰীৰৰ পৰা ঘামৰ কাৰণে দুর্গন্ধ ওলায়, তেওঁলোকেও পদিনাৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে৷ উত্তৰৰ বিধিসমূহ ১৪ বছৰৰ ওপৰৰ বয়সৰ ব্যক্তিয়ে চিকিৎসকৰ পৰামর্শ অনুসৰি ব্যৱহাৰ কৰিব৷