কাশ্মীৰত চিআৰপিএফৰ মহাপৰিদর্শকৰ দায়িত্বত মহিলা
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)এ কাশ্মীৰত প্রথমবাৰলৈ মহিলা আই পি এছ বিষয়া এগৰাকীক মহাপৰিদর্শক হিচাপে নিযুক্তি দিছে৷ জম্মু–কাশ্মীৰত সন্ত্রাসজর্জৰিত শ্রীনগৰ ছেক্টৰত মহাপৰিদর্শকৰ দায়িত্ব লাভ কৰিছে চাৰু সিন্হাই।
১৯৯৬ বেট্চৰ তেলেংগানা কেডাৰ চাৰু সিন্হাই এই দায়িত্ব লাভ কৰাৰ পিছতে চি আৰ পি এফত মহিলা বিষয়াগৰাকীয়ে নিজৰ দক্ষতাৰ উমান দিয়াৰ সুযোগ লাভ কৰিছে৷ ইতিমধ্যে শ্রীনগৰ ছেক্টৰ অভিমুখে যাত্রা কৰিছে চাৰু সিন্হাই৷
স্মর্তব্য যে ইয়াৰ পূর্বেও চি আৰ পি এফত বিহাৰ ছেক্টৰৰ মহাপৰিদর্শক হিচাপে দায়িত্ব পালন কৰিছিল সিন্হাই। নক্সাল বিদ্রোহীৰ বিৰুদ্ধে অভিযানৰ সময়ত মহিলা বিষয়াগৰাকীয়ে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল৷ উল্লেখনীয় যে বিহাৰত নক্সালবিৰোধী কেইবাটাও অভিযানৰ নেতৃত্ব দিছিল চাৰু সিন্হাই।
চি আৰ পি এফৰ বর্তমানৰ সঞ্চালকপ্রধান এ পি মহেশ্বৰীয়ে ২০০৫ চনত শ্রীনগৰ ছেক্টৰৰ মহাপৰিদর্শকৰ দায়িত্ব পালন কৰিছিল।