নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুল চিকিৎসাঃ আজাৰাত যুৱকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ মহানগৰীৰ আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রত সাধাৰণ জ্বৰত চিকিৎসকৰ ভুল চিকিৎসাত অকাল মৃত্যুক আঁকোৱালি ল’লে এজন ১৬ বছৰীয়া দৰিদ্র পৰিয়ালৰ যুৱকে৷ ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক কাকলি দাসৰ ভুল চিকিৎসাৰ বাবে কালি মৃত্যুবৰণ কৰিবলগীয়া হয় ১৬ বছৰীয়া যুৱক উৎপল দাসে৷

অভিযোগ অনুসৰি আজাৰা ওজাপাৰাৰ উৎপল দাসে যোৱা দেওবাৰে জ্বৰত ভুগিছিল৷ পিছত তাৰ পৰিয়ালৰ লোকে আজাৰা প্রাথমিক চিকিৎসা কেন্দ্রলৈ লৈ গৈছিল৷ কিন্তু আজাৰা চিকিৎসা কেন্দ্রত চিকিৎসক কাকলি দাসে জ্বৰত ভোগা উৎপল দাসক চিকিৎসা প্রদান নকৰি প্রথমতে দুর্ব্যৱহাৰ আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰিছিল৷

তাৰ পিছত চিকিৎসক কাকলি দাসে যুৱকজনক এটি টেবলেট খাব দিছিল৷ অভিযোগ অনুসৰি টেবলেট খোৱাৰ পিছতে নাক আৰু মুখেৰে তেজ ওলাই আহিছিল৷ পিছত মহিলা চিকিৎসকগৰাকীয়ে উৎপলক পাণবজাৰস্থিত মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰে৷ কিন্তু পৰিয়ালৰ লোক এমএমচি হাস্পতাল গৈ পোৱাৰ পূর্বেই উৎপল দাসৰ মৃত্যু ঘটে৷

চিকিৎসক কাকলি দাসৰ ভুল চিকিৎসা আৰু ৰোগীক দুর্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে মৃত উৎপল দাসৰ পৰিয়ালৰ লোকে আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আজাৰা আৰক্ষীয়ে ৪৭১ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে৷

You might also like