জোনাই- চিমেন চাপৰিত জ্বলিল হাগ্ৰামা আৰু চন্দন ব্ৰহ্ম, প্ৰমীলাৰ প্ৰতিকৃতি
বিধানসভা অধিবেশনত বিপিএফ দলে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনত বিৰোধিতা কৰাৰ প্ৰতিবাদত প্ৰতিকৃতি দাহ সংযুক্ত বড়ো গণ মঞ্চৰ
নিয়মীয়া বাৰ্তা, ২ ছেপ্তেম্বৰঃ চলিত অসম বিধানসভা অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীটো উত্থাপন কৰাৰ বাবে বিপিএফ দলে বিৰোধিতা কৰাৰ প্ৰতিবাদত আজি জোনাই -চিমেনচাপৰিত বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ শীৰ্ষ নেতা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিপিএফৰ নেত্ৰী অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ)ই। সংযুক্ত বড়ো গণ মঞ্চই এটা দশক ধৰি বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে।
কংগ্ৰেছৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্য্যকালৰ অন্তিমখন কেবিনেটত বিটিএডি বাহিৰৰ বড়ো সকলৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীক অনুমোদন জনোৱা হয়। পৰবৰ্তী সময়ত সৰ্বানন্দ সোনোৱাল নেতৃত্বৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনেও বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিষয়টো গ্ৰহণ কৰে। আনহাতে ২৭ জানুৱাৰী, ২০২০ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ ,এবছু, এনডিএফবিৰ চাৰিওটা গোট আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ পাঁচ নং ধাৰাত বিটিএডিৰ বাহিৰৰ অসমৰ বড়ো সকলৰ বাবে সুকীয়া স্বায়ত্ত শাসনৰ ব্যৱস্থা সন্নিবিষ্ট আছে। বিটিআৰ চুক্তি সম্পাদিত হোৱা সাত মাহ উকলি যোৱাৰ পিছত ৩১ আগষ্টৰ পৰা অনুষ্ঠিত চলিত অসম বিধানসভাৰ ৰ্বষাকালীন অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে অসম চৰকাৰে তৎপৰতা গ্ৰহণ কৰিছে।কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল যুগ যুগ ধৰি সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ অহা বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ ৰাজনৈতিক, শৈক্ষিক, আৰ্থ-সামাজিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ আদিৰ সুৰক্ষাৰ বাবে গঠন হবলগা বহু প্ৰত্যাশিত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দিশত শেহতীয়াকৈ হেঙাৰ হিচাপে থিয় দিছে অসম চৰকাৰৰ সহযোগী বিপিএফ দলে। বিপিএফ দলৰ এনে কাৰ্য্যক সংযুক্ত বড়ো গণ মঞ্চই ধিক্কাৰ জনোৱাৰ লগতে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে বড়ো জাতিৰ নামত ৰাজনৈতিক ব্যৱসায় বন্ধ কৰিবলৈ সকীয়াই দিছে।সমগ্ৰ অসমৰ বড়ো জাতিৰ প্ৰবল আন্দোলনৰ ফলশ্ৰতিত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু বিএলটিৰ মাজত স্বাক্ষৰিত হোৱা বিটিচি চুক্তি অনুসৰি কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি বিটিএডি গঠন কৰা হল যদিও অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণ বিটিএডিৰ আওতাৰ বাহিৰত ৰৈ গ’ল।
২০০৩ চনৰ পৰা বিটিএডি শাসন কৰি অহা বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে অসমৰ প্ৰতিটো বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ অসমৰ বড়ো ভোটাৰককৈ ৰাজনৈতিক দৰদাম কৰি মুনাফা লুটি আহিছে বুলি কৈ হাগ্ৰামা মহিলাৰী এগৰাকী অসমৰ ৰাজনৈতিক বেপাৰী বুলিও কটাক্ষ কৰে ইউবিপিঅৰ নেতৃত্বই।দশক দশক কাল ধৰি বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণই বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ অহা পৰিস্থিতিক অনুধাৱন কৰিব নোৱাৰা বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী,বিপিএফ দলৰ শীৰ্ষ নেতা, অসম চৰকাৰৰ ভৈয়াম জনজাতি উনয়ন মন্ত্ৰী চন্দন ব্ৰহ্মক বিটিএডি বাহিৰৰ বড়ো ৰাইজৰ সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ষড়যন্ৰ ৰচনা কৰাটো বড়ো জাতিৰ বাবে দুৰ্ভাগ্যজনক বুলি কৈ এনে কাৰ্য্যৰ পৰা আতৰি থাকিবলৈ ইউবিপিঅই সকীয়াই দিছে। অসম চৰকাৰে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে আন্তৰিকতাৰে
আগবাঢ়ি অহা সময়ত স্বগোষ্ঠীয় এগৰাকী ভৈয়াম জনজাতি উনয়নৰ বিভাগৰ মন্ত্ৰী হৈ থকা স্বত্তেও অসমৰ বিটিএডি বাহিৰৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণই স্বায়ত্ত শাসন ব্যৱস্থাৰ পৰা বঞ্চিত কৰিবলৈ উঠিপৰি লগাটো অতি নিৰ্লজ্জ কাণ্ড বুলিও ইউবিপিঅই তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে।
ইয়াৰ উপৰিও সংযুক্ত বড়ো গণমঞ্চই বিজেপি চৰকাৰ অতি সোনকালে বড়ো কছাৰী স্বায়ত্ত্বশাসিত পৰিষদখন গঠন কৰিবলৈ আহ্বান জনায় নহলে বড়ো ৰাইজে আৰু অধিক জংগী আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে৷