নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰৰ মহৰিপাৰাত গণেশ কছাৰীৰ নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা, ২ ছেপ্তেম্বৰঃ বিটিচিৰ শুক্লাই চেৰফাং সমষ্টিত বিপিএফৰ প্ৰাৰ্থী গণেশ কছাৰীৰ নিৰ্বাচনী সভা। মহৰিপাৰাৰ পুখুৰীপাৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত চাৰি সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভা গণেশ কছাৰীৰ। আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে কছাৰীয়ে ।

নিৰ্বাচনী সভাত ভাষণ দি গণেশ কচাৰীৰ প্ৰত্যাহ্বান- তেওঁৰ সমষ্টিত আজিলৈ ৯ গৰাকীকৈ জনপ্ৰিতিনিধিক তেওঁৰ কাৰ্যকালত লগ পাইছে কিন্তু কোনেও শুক্লাই চেৰফাং সমষ্টিৰ উন্নয়নৰ বাবে গুৰুত্ব আৰোপ নকৰিলে। তেওঁতকৈ আনে বেছি উন্নয়নমূলক কাম কৰা বুলি দেখুৱাই দিব পাৰিলে তেওঁক এটাও ভোট নালাগে বুলি প্ৰকাশ কৰে গণেশ কছাৰীয়ে।

লগতে তেওঁ মন্তব্য কৰে যে বিটিচিত বসবাস কৰা সকলো জাতি ধৰ্মাৱলম্বী লোকৰ মাজত একতা বজাই ৰাখি শান্তিপূৰ্ণ ভাৱে আগুৱাই যোৱাই আমাৰ উদ্দেশ্য বুলি তেওঁ মন্তব্য কৰে। শুক্লাই চেৰফাং ব্লক বিপিএফৰ নেতা জীনা বড়োই পৰিচালনা কৰা সভাত কেবাজনো বিশিষ্ট ব্যক্তিৰ লগতে বিপিএফৰ নেতা কৰ্মী উপস্থিত থাকে। লগতে উক্ত সভাতে আন দলৰ পৰা অহা ৭৬ জন সদস্যই বিপিএফত যোগদান কৰে।

You might also like