নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূটান সীমান্তত জি বিদাইৰ নেতৃত্বত প্ৰশিক্ষণ শতাধিক কেডাৰক

বিদাইৰ অৱস্থিতিৰ সন্ধানত সেনাৰ অভিযান

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ গোৱালপাৰাত ৩ জনকৈ আই এছৰ দৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰে জড়িত জেহাদী গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে ভাৰত-ভূটান সীমান্তত চলা আন এক সন্ত্ৰাসবাদী তৎপৰতা । এন ডি এফ বি (এছ)ৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেতা জি বিদাইৰ নেতৃত্বত অব্যাহত আছে এই তৎপৰতা । ইপিনে কেন্দ্ৰীয় চোৰাংচোৱা সংন্থাৰ এক সূত্ৰই জনোৱা মতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন ভূটানৰ বৃহত্তৰ দেৱানগিৰি অঞ্চল আৰু অসম-বংগ সীমান্তৱৰ্তী উত্তৰ বংগৰ কেইটামান স্থানত এন ডি এফ বিৰ আলোচনা বিৰোধী গোটৰ এই দুৰ্ধৰ্ষ নেতাজনে আশ্ৰয় গ্ৰহণ কৰি আছে । লগতে এনডিএফবি (এছ)ৰ উপ সভাপতি তথা উগ্ৰপন্থী সংগঠনটোৰ সেনা মুৰব্বী বিদায়ে সংগঠনৰ একাংশ কেডাৰক সৰু সৰু গোটত বিভক্ত কৰি এই অঞ্চলটোত সামৰিক প্ৰশিক্ষণ দি আহিছে ।
 
আনহাতে শেহতীয়াকৈ ম্যানমাৰত ভাৰতীয় সেনাই উগ্ৰপন্থী সংগঠনসমূহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ বাবে উত্তৰ পূবৰ উগ্ৰপন্থী সংগঠনসমূহে বিদায়ৰ জৰিয়তে নতুন আশ্ৰয়স্থলীৰ সন্ধান কৰাৰ তথ্য লাভ কৰিছে চোৰাংচোৱা সংস্থাই । যাৰ বাবেই ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ একমাত্ৰ লক্ষ্য হৈ পৰিছে জি বিদাই ।
You might also like