নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৩০ কোটি আলোকবর্ষ দূৰত তাৰকাৰাজ্য

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: ভাৰতীয় জ্যোতির্বিজ্ঞানীৰ এটা দলে পৃথিৱীৰ পৰা ৯৩০ কোটি আলোকবর্ষ নিলগত এক নতুন তাৰকা ৰাজ্য আৱিষ্কাৰ কৰা বিষয়টোক আদৰণি জনাইছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই৷

উল্লেখনীয় যে পৃথিৱীৰ পৰা আটাইতকৈ নিলগত এই নক্ষত্রৰ সমষ্টি ভাৰতীয় জ্যোতির্বিজ্ঞানীৰ দলে আৱিষ্কাৰ কৰাৰ এদিন পিছতে উৎফুল্লিত হৈ পৰিছে আমেৰিকান ৰাষ্ট্রীয় মহাকাশ গৱেষণা সংস্থাটো৷ এই নতুন আৱিষ্কাৰে ভৱিষ্যতে বিশ্বব্রহ্মাণ্ড সন্দর্ভত মানৱ জাতিক অধিক তথ্য লাভৰ অনুপ্রেৰণা যোগাব বুলি নাছাৰ ৰাজহুৱা পৰিক্রমা বিষয়া ফেলিচিয়া চুৱে সংবাদ সংস্থা এ এন আইক জনাইছে৷ এই আৱিষ্কাৰ উৎসাহজনক তথা বিস্ময়কৰ বুলিও অভিহিত কৰিছে নাছাৰ বিষয়াগৰাকীয়ে৷ উল্লেখনীয় যে ভাৰতৰ পুনেস্থিত ইণ্টাৰ ইউনিভাৰচিটী চেণ্টাৰ ফৰ এষ্ট্র’নমী এণ্ড এষ্ট্র’ফিজিক্স (আইইউচিএএ)ৰ জ্যোতির্বিজ্ঞানীৰ এটা দলে আৱিষ্কাৰ কৰিছে এ ইউ ডি এফ এছ ০১ নামৰ এই নতুন তাৰকাৰাজ্য৷ এই জ্যোতির্বিজ্ঞানীৰ দলটোৰ নেতৃত্বত আছিল ড০ কনক সাহা৷ কালি বিজ্ঞানীৰ দলটোৱে আৱিষ্কাৰৰ তথ্য ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি প্রশংসিত হৈছে সাহাৰ সতীর্থসকল৷

You might also like