নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ স্থিতিৰ বিপৰীত মেৰুত মহন্ত

‘কেব’–এ অসম চুক্তিক ম্লান কৰিব’

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক (কেব) লৈ অগপই কৌশলী স্থিতি গ্রহণ কৰাৰ বিপৰীতে দলটোৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই সম্পূর্ণ বিপৰীত মেৰুত অৱস্থান লৈছে ৷ অগপৰ সভাপতি অতুল বৰাকে ধৰি দলটোৰ নেতৃত্বই নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে হোৱা বৈঠকৰ অন্তত নতুন ৰূপত আহিবলগীয়া ‘কেব’ চাইহে অগপই সিদ্ধান্ত ল’ব বুলি কৌশলী মন্তব্য কৰে ৷ ইয়াৰ বিপৰীতে প্রাক্তন মুখ্যমন্ত্রী মহন্তই পূর্বৰ দৰেই ‘কেব’ৰ বিৰোধিতা কৰিছে ৷ এই সম্পর্কত মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে কেবে অসম চুক্তিক ম্লান কৰিব ৷ কেবৰ জৰিয়তে বাংলাদেশৰ পৰা পুনৰ মান আনিব খোজা হৈছে ৷ বদনে ব্রহ্মদেশৰ পৰা মান আনিছিল, এইবাৰ বাংলাদেশৰ পৰা মান আনিব বিচৰা হৈছে ৷ ইনাৰ লাইন পার্মিটৰ প্রয়োজন হোৱা ৰাজ্য আৰু অসমৰ ষষ্ঠ অনুসূচীৰ জিলাত এইবাৰ কেব প্রযোজ্য নকৰাৰ যি কথা কোৱা হৈছে, প্রকৃততে তাৰ জৰিয়তে অসমক আভুৱা ভাঁৰিব বিচৰা হৈছে ৷ তেওঁলোকে যিহেতু ভাৰতীয় নাগৰিকত্ব লাভ কৰিব, স্বাভাৱিকতে ভাষা–সংস্কৃতিৰ ক্ষতি কৰিব ৷ সেয়ে তেওঁ পূর্বৰ দলীয় সিদ্ধান্ত অনুসৰি জাতিধ্বংসী কেবৰ বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰি দিয়ে ৷ ইপিনে, কার্বি আংলঙৰ দুই পাহাৰীয়া জিলাক কেবৰ আওতাৰ পৰা বাহিৰত ৰখাৰ দাবী কৰিছে কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক দিয়া স্মাৰক–পত্রত কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ৰংহাঙে কয় যে কার্বি আংলং অবৈধ অনুপ্রৱেশকাৰীৰ দ্বাৰা ক্ষতিগ্রস্ত অঞ্চল ৷ ১৯৬১ চনৰ পৰা ১৯৯১ৰ ভিতৰত অঞ্চলটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ৭৬ শতাংশৰো অধিক, যিটো ৰাষ্ট্রীয় তথা ৰাজ্যিক গড় হাৰৰ অধিক ৷ ইয়াৰ বিপৰীতে এই সময়ছোৱাত খিলঞ্জীয়া জনজাতিৰ সংখ্যা ৭৪ শতাংশৰ পৰা ৫১ শতাংশলৈ হ্রাস পায় ৷ কার্বি আংলঙৰ জনজাতিসকলক অবৈধ অনুপ্রৱেশকাৰীৰ পৰা সুৰক্ষিত কৰাৰ প্রয়োজনীয়তা দোহাৰি ৰংহাঙে পুনৰ কয় যে কেন্দ্রীয় গৃহমন্ত্রীয়ে ইতিপূর্বে মিজোৰামক কেবৰ আওতাৰ পৰা আঁতৰত ৰখাৰ যিদৰে ঘোষণা কৰিছে, সেইদৰে কার্বি স্বায়ত্ত পৰিষদৰ দুই জিলাকো কেবৰ আওতাৰ পৰা বাহিৰত ৰখাৰ দাবী জনায় ৷

You might also like