নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডৰ চিকিৎসা দলৰ সদস্যৰ ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ আই পি এল খেলিবলৈ ইউ এ ইলৈ যোৱা চেন্নাই ছুপাৰ কিংছৰ ১৩গৰাকীকৈ সদস্য ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সময়তে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ চিকিৎসা দলৰ এগৰাকী জ্যেষ্ঠ সদস্যও মহামাৰী ভাইৰাছৰ চিকাৰ হৈছে৷

ব’ৰ্ডৰ এক সূত্রই এই কথা জানিবলৈ দিয়ে৷ সূত্রটোৱে কয় যে ব’ৰ্ডৰ মেডিকেল টীমৰ এগৰাকী সদস্য ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ অৱশ্যে তেওঁৰ শৰীৰত এতিয়ালৈকে কোনো লক্ষণ ধৰা পৰা নাই৷ সম্প্রতি তেওঁক আইছ’লেচনত ৰখা হৈছে৷

ইফালে, বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ দুগৰাকী সদস্যও ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ বাতৰি প্রকাশ পাইছে৷ উল্লেখ্য যে ব’ৰ্ডৰ মেডিকেল টীমৰ সদস্যগৰাকী শেহতীয়াকৈ ইউ এ ইৰ পৰা উভতি আহিছিল৷ ভ্রমণৰ সময়তে তেওঁ ক’ৰোনাত আক্রান্ত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷

ইফালে, চেন্নাই ছুপাৰ কিংছৰ দুগৰাকী খেলুৱৈকে ধৰি মুঠ ১৩গৰাকী সদস্য ক’ৰোনা ভাইৰাছত আক্রান্ত হ’লেও দলৰ আন খেলুৱৈ তথা বিষয়ববীয়াসকল সম্পূর্ণ নিৰাপদ হৈ আছে বুলি ব’ৰ্ডৰ সূত্রটোৱে প্রকাশ কৰে৷ ক’ৰোনাত আক্রান্ত চি এছ কেৰ প্রতিভাৱান মিডিয়াম পেচাৰ দীপক চহৰো ক্রমাৎ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ডুবাই, আবুধাবি আৰু শ্বাৰজাহত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আই পি এল আৰম্ভ হ’ব৷

You might also like