এজাক বৰষুণতে জলমগ্ণ ৰাজপথ
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ মাত্র এজাক বৰষুণতে শুকুৰবাৰে কৃত্রিম বানৰ সৃষ্টি হয় মহানগৰীৰ ভিন্ন পথত৷ সন্ধিয়াৰ ভাগত অহা এজাক বৰষুণত মহানগৰীৰ হাতীগাঁও, গণেশগুৰি–জি এম চি এইচ আদি পথত সৃষ্টি হয় কৃত্রিম বানৰ৷ এই কৃত্রিম বানৰ ফলত পথকেইটাত ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ যাৰ বাবে বহু সময় আবদ্ধ হৈ থাকিবলগীয়া হয় যাত্রীসকল৷ যাত্রীসকলে একাঁঠু পানীৰ মাজেৰে যাতায়াত কৰি সন্মুখীন হ’বলগীয়া দুর্ভোগৰ৷ এইক্ষেত্রত প্রতিদিনে এজাক বৰষুণতেব্যস্ত পথসমূহ বুৰ যোৱাত ক্ষোভ উজাৰে যাত্রীসকলে৷ বিশেষকৈ গুৱাহাটী পৌৰ নিগম তথা গুৱাহাটী উন্নয়ন বিভাগৰ হেমাহিত ক্ষোভ উজাৰে ভুক্তভোগী ৰাইজে৷ এইক্ষেত্রত বছৰ বছৰ ধৰি চলি অহা এই সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে ৰাইজে৷