যোৰহাটত কনিষ্ঠ চিকিৎসকক নৃশংস হত্যা; ভাৰাঘৰত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ চুৰি–ডকাইতিৰ ঘটনাই সর্বসাধাৰণ ৰাইজক চিন্তাত পেলাই অহা যোৰহাটত শনিবাৰে পোহৰলৈ আহিছে এক লোমহর্ষক হত্যাকাণ্ডৰ ঘটনা৷ নিশা যোৰহাটত আৰক্ষী কুম্ভকর্ণ নিদ্রাত থকাৰ বাবেই সম্প্রতি যোৰহাট জিলা অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈ পৰিছে৷ কালি যোৰহাট চহৰৰ মাজমজিয়াৰ চন্দন নগৰৰ ৪নং উপ–পথত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড৷
জে কে শইকীয়া মেম’ৰিয়েল হোমি’পেথিক মহাবিদ্যালয়ৰ ইণ্টাৰনী চিকিৎসক ৰাহুল বসুমতাৰী নামৰ যুৱকজনৰ মৃতদেহ কালি পুৱা তেওঁৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ হয়৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা কোঠাৰ ভিতৰত হত্যাকাৰীয়ে পাচলি কটা কটাৰিৰে ডিঙি কাটি হত্যা কৰে ৰাহুলক৷ কালি পুৱা বহু সময়লৈকে ৰাহুলে কোঠাৰ দুৱাৰ খোলা নাছিল৷ ঘৰৰ মালিকে ৰাহুলক ফোন কৰে যদিও ফোন ৰিচিভ নকৰাত কোঠাৰ কাষলৈ যায় আৰু দুৱাৰ মেলি দিওঁতে খোল খায়৷ ভিতৰলৈ সোমাই গৈ ঘৰৰ মালিকে ৰাহুলক মাটিত পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে৷ হত্যাকাৰীয়ে ৰাহুলক হত্যা কৰি তেওঁৰ এ এছ–০৩ ৱাই–৮২৮১ নম্বৰৰ থাণ্ডাবার্ড মটৰচাইকেলখন লৈ যায়৷ ইফালে, ঘটনা সন্দর্ভত আৰক্ষীক খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এইপর্যন্ত হত্যাকাৰীৰ কোনো শুংসূত্র উলিয়াব পৰা নাই৷
জানিব পৰা মতে, ৰাহুলৰ ঘৰ ওদালগুৰি জিলাত আছিল৷ দিনৰ সময়ছোৱাত আৰক্ষীৰে গিজগিজাই থকা যোৰহাটত নিশা হ’লে আৰক্ষী প্রশাসন নাথাকে নেকি বুলি প্রশ্ন উত্থাপন হৈছে৷ সম্প্রতি নিধিৰাম চর্দাৰৰ দৰে হৈ পৰা যোৰহাট আৰক্ষীৰ কাষত ৰাইজৰ নিৰাপত্তা যে শূন্য, সেয়া ক্রমান্বয়ে প্রমাণিত হৈ আহিছে৷ এই ঘটনাৰ পাছত স্থানীয় ৰাইজে আৰক্ষীৰ নিষ্ক্রিয়তাৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিছে৷ নিশা হ’লেই যোৰহাট নগৰত আৰক্ষী নোহোৱা হয় কিয়? –প্রশ্ন কৰিছে ক্ষুব্ধ ৰাইজে৷