নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডৰ প্রবীণ নির্মাতা জনী বক্সিৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ বলীউডৰ প্রবীণ চলচ্চিত্র নির্মাতা জনী বক্সিৰ শনিবাৰে দেহাৱসান ঘটে৷ মুম্বাইৰ জুহুস্থিত আৰোগ্য নিধি হাস্পতালত হূদৰোগত আক্রান্ত হৈ ৮২ বছৰীয়া প্রবীণ চলচ্চিত্র প্রযোজক–পৰিচালক বক্সিৰ বিয়োগ ঘটাত ম্রিয়মাণ বলীউড জগত৷ শুকুৰবাৰে হূদৰোগত আক্রান্ত হোৱা প্রবীণ চলচ্চিত্র নির্মাতাগৰাকীক হাস্পতালত ভর্তি কৰোৱাৰ পাছতেই ভেণ্টিলেটৰত ৰখা হয়৷

ক’ভিড–১৯ পৰীক্ষাত নিগেটিভ চলচ্চিত্র নির্মাতাগৰাকীৰ কালি পুৱতিনিশা শেষ নিশ্বাস ত্যাগ কৰে৷ পৰিয়ালৰ লোকৰ উপস্থিতিত অনুষ্টুপীয়াকৈ কালি অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ চাৰি দশকজোৰা বলীউড জগতত বৰঙণি আগবঢ়োৱা নির্মাতা বক্সিয়ে ‘মঞ্জিলে অৰ ভি হে’ (১৯৭৪), ‘ৰাৱণ’ (১৯৮৪) আৰু ‘ফিৰ তেৰী কাহানি য়াদ আয়ি’ (১৯৯৩) আদি ছবি প্রযোজনা কৰাৰ লগতে ‘ডাকু ঔৰ পুলিচ’ (১৯৯২) আৰু ‘খুদাই’ (১৯৯৪) আদি জনপ্রিয় ছবি পৰিচালনা কৰিছিল৷ প্রবীণ চলচ্চিত্র নির্মাতাগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি প্রখ্যাত অভিনেতা অনুপম খেৰ, অভিনেত্রী সাৱনা আজমীয়ে টুইটাৰত নির্মাতাগৰাকীৰ মৃত্যুৱে বলীউডত অপূৰণীয় ক্ষতি কৰিলে বুলি কয়৷ মৃত্যুৰ সময়ত নির্মাতা বক্সিয়ে পুত্র ব্রেণ্ডো, কেনেডি, ব্রেডমেন আৰু কন্যা প্রিয়াক ইহসংসাৰত এৰি থৈ যায়৷

You might also like