বিধানসভা নির্বাচনত কংগ্রেছে দখল কৰিব ৮০, বিজেপিয়ে পাব ২০–৩০খন আসন
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ আগন্তুক অসম বিধানসভা নির্বাচনত বিজেপিয়ে মাত্র ২০ৰ পৰা ৩০খন আসন লাভ কৰিব৷ ইয়াৰ বিপৰীতে কংগ্রেছ দলে পাব ৮০খন আসন৷’ –এই দাবী অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ৷ গুৱাহাটীস্থিত প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰি ৰিপুণ বৰাই এই দাবী কৰে৷ ‘আগন্তুক নির্বাচনত আমাৰ লক্ষ্য হ’ল ‘মিছন– ৮০’৷ আমি অকলেই অহা নির্বাচনত ৮০খন আসন পাম৷ অহা নির্বাচনত বিজেপিয়ে ২০ৰ পৰা ৩০খন আসন লাভতে সীমাবদ্ধ থাকিব৷’ –এইদৰে কয় ৰিপুণ বৰাই৷
মিছন–১০০ৰ লক্ষ্যৰে বিজেপিয়ে নির্বাচনী কুচকাৱাজ চলোৱাৰ সময়ত কংগ্রেছৰ ৰাজ্যিক সভাপতিজনৰ এই দাবী কিমান বাস্তৱ, তাক লৈ প্রশ্ণ উঠিছে৷ সংবাদ মেলত সভাপতি বৰাই কয় যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ বিজেপি ভীতিগ্রস্ত হৈছে৷ এই মিত্রতাক লৈ বিজেপি শংকিত হৈ পৰিছে৷ উল্লেখ্য যে এ আই ইউ ডি এফৰে মিত্রতাক লৈ কংগ্রেছ দলৰ ভিতৰতে বিদ্রোহৰ সূচনা হৈছে৷ কি উজনি, কি নামনি, ৰাজ্যৰ ভিন্ন প্রান্তত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতা কৰাক লৈ ক্ষুব্ধ প্রদেশ কংগ্রেছৰ বহু নেতা–কর্মীয়ে মিত্রতাৰ তীব্র বিৰোধিতা কৰিছে৷ কংগ্রেছৰ বহু দলীয় নেতা–কর্মীয়ে মুকলিকৈ তীব্র অসন্তুষ্টি প্রকাশ কৰি মিত্রতাৰ বিৰোধিতা কৰাৰ পাছতো সভাপতি ৰিপুণ বৰাই দলীয় নেতা–কর্মীৰ ক্ষোভ–সন্তুষ্টিক উপেক্ষা কৰি এ আই ইউ ডি এফৰ হাতত হাত ধৰি মিছন–৮০ৰ অলীক কল্পনা দেখিছে৷
মিত্রতাক লৈ দলৰ ভিতৰত বিদ্রোহৰ উকমুকনি ঘটাৰ পাছতো দলটোক সঠিকভাৱে পৰিচালনা কৰাত ব্যর্থ হোৱা সভাপতি ৰিপুণ বৰাই কি যুক্তিত বিজেপিয়ে আগন্তুক নির্বাচনত ২০ৰ পৰা ৩০খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে, তাকে লৈ আনকি দলৰ ভিতৰতেই চর্চা আৰম্ভ হৈছে৷ মিত্রতাৰ পাছত কংগ্রেছে এ আই ইউ ডি এফৰ ‘বিগ ব্রাদাৰ’ হোৱাৰ পাছতে দিছপুৰ দখলৰ স্বপ্ণত বিভোৰ হৈ থকা ‘অংক মাষ্টৰ’ ৰিপুণ বৰাই সেয়ে নিমিলা সমীকৰণেৰে কয়– ‘বিজেপিৰ ১০০ প্লাছ লক্ষ্য পূৰণ নহয়, বৰঞ্চ এইবাৰ নির্বাচনত মুখথেকেচা খাব৷’ উল্লেখ্য যে সংবাদ মেলত সভাপতি বৰাই বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ প্রতি লক্ষ্য ৰাখি বর্তমানৰ চৰকাৰে ঘোষণা কৰা অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ কম হোৱা বুলি উল্লেখ কৰে আৰু অহা নির্বাচনত কংগ্রেছ শাসনলৈ আহিলে ইয়াতকৈ অধিক ধন দিয়া হ’ব বুলি দৰিদ্র মহিলা হিতাধিকাৰীক প্রাক নির্বাচনী টোপ দিয়ে৷ সভাপতি বৰাই কয়– ‘বর্তমানৰ চৰকাৰখনে ঘোষণা কৰা সকলো জনহিতকৰ আঁচনিকেই কংগ্রেছে স্বাগতম জনায়৷ কিন্তু অহা ২ নৱেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ বাবে নির্বাচিত মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত মাহিলি মাত্র ৮৩০ টকাকৈ ঘোষণা কৰি হিতাধিকাৰী মহিলাসকলক চৰম অপমান কৰিছে৷ এই আঁচনিৰ জৰিয়তে অসমীয়া মানুহৰ মান মাত্র ৮৩০ টকালৈ নমাই অনাটো দুর্ভাগ্যজনক৷ ২০২১ চনত কংগ্রেছ চৰকাৰ গঠন হ’লে ২০১৯ চনৰ লোকসভা নির্বাচনত অখিল ভাৰত কংগ্রেছ কমিটীয়ে দিয়া নির্বাচনী প্রতিশ্রুতি অনুযায়ী ‘ন্যায়’ আঁচনিৰ অধীনত প্রতিটো দৰিদ্র পৰিয়ালক আমি মাহিলি ৭,৫০০ টকাকৈ বেংক একাউণ্টত নিয়মীয়াকৈ প্রদান কৰিম৷’ সংবাদ মেলত সভাপতি বৰাই আজি এইদৰে প্রাক নির্বাচনী টোপ দিয়ে৷ বিজেপি চৰকাৰৰ অপৰিকল্পিত লকডাউনে দেশৰ অর্থনীতি বিধ্বস্ত কৰা বুলি মন্তব্য কৰে ৰিপুণ বৰাই৷
তেওঁ কয় যে জি ডি পি সর্বকালৰ অভিলেখ ভংগ কৰি ২৪ শতাংশলৈ অৱনমিত হৈছে৷ অসমত নিবনুৱাৰ হাৰ ১৫ শতাংশলৈ বৃদ্ধি পাইছে৷ মূল্যবৃদ্ধি ২৩ শতাংশলৈ বৃদ্ধি হৈছে৷ অসম বিধানসভা নির্বাচনক লৈ কেইটামান দিন বাকী থকা অৱস্থাত চৰকাৰে প্রধানমন্ত্রী আৱাস যোজনাৰ নামত পুনৰ ভোটৰ অংকত নামি পৰিছে৷ এই আঁচনিৰ অধীনত ঘৰ পাবলৈ হ’লে আধাৰ কার্ড বাধ্যতামূলক কৰাৰ লগতে ২০২২ চনতহে ঘৰ পাব বুলি ঘোষণা কৰি ভুৱা প্রতিশ্রুতি দিছে৷ এই ঘৰ লাভৰ আশাত ৰাজ্যখনৰ বিভিন্ন জিলা ব্লকৰ আধাৰ কার্ড কেন্দ্রসমূহত প্রতিদিনে হাজাৰ হাজাৰ মানুহে দীঘলীয়া শাৰী পাতি হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ ২০২২ চনত ঘৰ পাবলৈ হ’লে ২০২১ চনত পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিব লাগিব বুলি এতিয়া বিজেপি নেতা–পালিনেতাসকলে অপপ্রচাৰ চলাইছে৷