চৰকাৰৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা বৃহত্তৰ লাইমেকুৰী অঞ্চল; স্বাস্থ্য, খোৱা পানী, উন্নত যাতায়ত ব্যৱস্থাৰ পৰাও বঞ্চিত গঞাবাসী
নিয়মীয়া বাৰ্তা, , ৬ ছেপ্তেম্বৰঃ দেশে স্বাধীনতা লাভ কৰাৰ পিছত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দল কংগ্ৰেছ,জনতা দল,অগপৰ চৰকাৰৰ শাসন চলিলে যদিও কোনো এখন চৰকাৰে ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ বৃহত্তৰ লাইমেকুৰী অঞ্চলৰ উন্নয়নৰ বাবে সকলো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল। বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনেও জোনাই মহকুমাৰ
ভিতৰতে জনবহুল বৃহৎ অঞ্চলটোৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণত চুড়ান্ত অৱহেলা কৰাহে দেখা গৈছে । যাৰ ফলত লাইমেকুৰীবাসী ৰাইজে
আজিও স্বাস্থ্য সেৱা, বিশুদ্ধ খোৱা পানী, পশু চিকিৎসা সেৱা, উন্নত যাতায়ত ব্যৱস্থা, জলসিঞ্চন আদি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ।
অতি পৰিতাপৰ বিষয় যে বৃহত্তৰ লাইমেকুৰী অঞ্চলত এখনো চিকিৎসালয় প্ৰতিষ্ঠা নোহোৱাটো দুৰ্ভাগ্যজনক বিষয় হিচাপে পৰিগণিত হৈছে ।আজিও ইয়াৰ গঞা ৰাইজে জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথাটো বাদেই সৰু-ডাঙৰ সকলো ধৰণৰ বেমাৰ-আজাৰৰ বাবে দূৰ-দূৰণিলৈ গৈ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈ আহিছে । লাইমেকুৰী অঞ্চলৰ ৰাইজে আজিও বিশুদ্ধ খোৱা পানী লাভৰ পৰা বঞ্চিত হৈ আহিছে দশক দশক কাল ধৰি ।১৯৮৪
চনতে প্ৰতিষ্ঠা হোৱা লাইমেকুৰী বিশুদ্ধ খোৱা পানী যোগান আঁচনিখনে ১৯৮৭ চনৰ পৰা আধা
কিলোমিটাৰ সামৰি মাজে-সময়ে ৰাইজক পানী যোগান ধৰি আহিছিল যদিও যোৱা ২০১৫ চনৰ পৰা আঁচনিখন বিকল হৈ পৰাৰ লগতে বৰ্তমান পৰিত্যক্ত অৱস্থালৈ গতি কৰা দেখা গৈছে । আনহাতে বহু বছৰৰ আগতে নিৰ্মাণ সম্পূৰ্ণ কৰা
লুম্পং বিশুদ্ধ খোৱা পানী যোগান আঁচনিখন আৰম্ভণিৰ পৰাই অকামিলা হৈ আছে । অতি পৰিতাপৰ বিষয় যে জোনাই মহকুমা গঠন হোৱা
পূৰ্বতে ১৯৭৫ চনত প্ৰতিষ্ঠা কৰা লাইমেকুৰীৰ টাক’ গিটুং পশু চিকিৎসা উপ কেন্দ্ৰটোৰ মৃতপ্ৰায় অৱস্থাত আছে । পশু চিকিৎসা উপ কেন্দ্ৰটোত কৰ্মৰত ক্ষেত্ৰ সহায়ক গৰাকী যোৱা
দুবছৰৰ আগতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাত সম্প্ৰতি পশু চিকিৎসা উপ কেন্দ্ৰটোত বিভাগৰ কোনো কৰ্মচাৰীও নাই ঔষধপাতি পাবলৈ নাই । বৰঞ্চ বৃহত্তৰ লাইমেকুৰী অঞ্চলৰ পঞ্চানব্বৈ শতাংশ কৃষিজীৱি গঞালোকে পশু পালনৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৰিয়াল পোহপাল দি আহিবলগীয়া হৈ আহিছে ।
উল্লেখ্য যে লাইমেকুৰীবাসীয়ে একমাত্ৰ কৃষিকৰ্মৰ ওপৰত আয় উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু আজি পৰ্যন্ত অঞ্চলৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কোনো এখন চৰকাৰে হাতত লোৱা নাই । বৰ্তমানৰ প্ৰযুক্তিৰ যুগতো একমাত্ৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইয়াৰ খেতিয়কে পুৰণিকলীয়া কৃষি পদ্ধতিত কৃষিকাৰ্য্য
কৰি আহিছে । যাতায়তৰ ক্ষেত্ৰতো লাইমেকুৰীৰ
ৰাইজে দীৰ্ঘ বছৰ ধৰি দুৰ্যোগ ভুগি আহিছে ।শোচনীয় যাতায়ত ব্যৱস্থাই বছৰ বছৰ ধৰি জীয়াতু ভুগি অহা অঞ্চলটোৰ বৰং চৰাইবাৰীৰ
পৰা ১ নং পিপ’লগুৰী, বৰং চৰাইবাৰীৰ পৰা বৰং তেলীজান, ১ নং তেলীজানৰ ২ নং কৰ্ণপুৰ,
১ নং কৰ্ণপুৰৰ পৰা ৰামধন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সংযোগী পথৰ লগতে বহুকেইটা পথৰ অৱস্থা আজিও জৰাজীৰ্ণ আৰু বাৰিষাৰ সময়ত যাতায়তৰ অনুপযোগী হৈ পৰে প্ৰতিবছৰে । এনেবোৰ অনেক ধৰণৰ জ্বলন্ত সমস্যাৰে জৰ্জৰিত লাইমেকুৰীৰ উন্নয়নৰ দিশত
নিৰ্বাচিত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাটো অঞ্চলৰ উন্নয়নকামী ৰাইজে উদ্ধেগ
প্ৰকাশ কৰাৰ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনলৈ লাইমেকুৰীৰ উন্নয়ন
আৰু বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰ, নিৰ্বাচিত জনপ্ৰতিনিধিক দাবী জনাইছে ।