মিত্রজোঁটৰ চৰকাৰ নহ’লে জীৱনত নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰোঁ
হাতত হেংদাং লৈ ৰিপুণ বৰাক প্রত্যাহ্বান ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ সমাগত বিধানসভা নির্বাচনক কেন্দ্র কৰি তীব্রতৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ বাক্যুদ্ধ৷ হাতত হেংদাং লৈ নির্বাচনী ৰণৰ বাবে সাজু হোৱাৰ হুংকাৰ দি এইবাৰ প্রদেশ কংগ্রেছৰ সভাপতি বৰাক প্রত্যাহ্বান জনালে ৰাজ্যিক বিজেপিৰ সভাপতি দাসে৷ ২০২১ চনৰ বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে পুনৰ ৰাজ্যৰ ক্ষমতা দখল কৰিব বুলি দাবী কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দাসে কয় যে বিজেপি সাগৰতলিৰ নিৰৱিচ্ছিন্ন ঢ়ৌ৷ যি নিৰৱিচ্ছিন্ন ঢ়ৌ বৈ থাকে৷ ইয়াৰ বিপৰীতে কংগ্রেছ বা অন্য দলসমূহ হৈছে সাগৰৰ ওপৰৰ ঢ়ৌ৷ নিমিষতে আহে আৰু নিমিষতে মাৰ যায়৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ প্রতি ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ স্পষ্ট প্রত্যাহ্বান– বিজেপিৰ নেতৃত্বত যদি আগন্তুক দিনত চৰকাৰ গঠন কৰিব নোৱাৰোঁ, তেন্তে মই জীৱনত কেতিয়াও নির্বাচনৰ সন্মুখীন নহওঁ৷ কিন্তু এই কথাষাৰৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি বৰাকো প্রত্যাহ্বান জনাইছোঁ, তেৱোঁ অনুৰূপ কথা ক’ব লাগিব৷ আগন্তুক দিনত যদি তেওঁলোকৰ চৰকাৰ নহয়, তেতিয়া হ’লে তেওঁ নির্বাচনত অংশ নলয় বুলি অংগীকাৰ কৰক৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই শেহতীয়াকৈ কৰা কেতবোৰ মন্তব্যত আমোদ পোৱা বুলি তীক্ষ্ণ কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দাসে৷ তেওঁ কয়– শেহতীয়াকৈ মই সাংগঠনিক কাম–কাজত ব্যস্ত আছোঁ৷ যাৰ বাবে বহুদিন হাঁহিব পৰা নাছিলোঁ৷ কিন্তু প্রদেশ কংগ্রেছৰ সভাপতি বৰাই শেহতীয়াকৈ যিবোৰ মন্তব্য কৰিছে, তাত মই আমোদ পাইছোঁ৷ আনন্দৰ খোৰাক বিচাৰি পাইছোঁ৷ ইফালে, ৰাজ্য চৰকাৰে অসমৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ স্বাৱলম্বিতাৰ বাবে ঘোষণা কৰা ‘স্বয়ম’ আঁচনিক ঐতিহাসিক সিদ্ধান্ত আখ্যা দিছে ৰাজ্যিক বিজেপিয়ে৷ লগতে ৰাজ্যখনৰ যুৱক–যুৱতী, চাহ শ্রমিক আৰু শৈক্ষিক ঋণ বিচৰা শিক্ষার্থীসকলক সামৰি ঘোষণা কৰা তিনিখন অভিলাষী আঁচনিক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দাসে কয় যে এই আঁচনিৰ জৰিয়তে বিজেপিৰ সর্বব্যাপী, সর্বস্পর্শী কল্যাণৰ লক্ষ্য প্রতিফলিত হৈছে৷ বিশেষকৈ ৰাজ্যখনৰ দুই লাখ যুৱক–যুৱতীলৈ আত্মসংস্থাপনৰ বাবে আত্মসহায়ক গোটৰ জৰিয়তে ৫০ হাজাৰকৈ টকা আর্থিক সাহায্য আগবঢ়োৱা ‘স্বয়ম’ আঁচনিয়ে আত্মনির্ভৰ অসম গঢ়াৰ ক্ষেত্রত মাইলৰ খুঁটি হ’ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰে৷ ৰাজকোষৰ এহাজাৰ কোটি বৃহৎ পুঁজি ব্যয়সাপেক্ষ এই আঁচনি ৰূপায়ণ যুৱ সমাজৰ প্রতি বিজেপিৰ দায়বদ্ধতাৰ প্রতিফলন বুলি মন্তব্য কৰি তেওঁ ইয়াৰ সুবিধা গ্রহণ কৰিবলৈ সকলোকে আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়৷ সেইদৰে ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত আর্থিক জটিলতাৰ সন্মুখীন হোৱা চাহ জনগোষ্ঠীৰ পৰিয়ালসমূহলৈ বৃহৎ সকাহ আগবঢ়াই বেংক একাউণ্টত পুনৰ তিনি হাজাৰ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্তই জটিল সময়ত তেওঁলোকক যথেষ্ট সকাহ দিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ মতে বর্তমানৰ ৰাজ্য চৰকাৰখনে সমাজৰ সকলো স্তৰৰ লোকৰ সামগ্রিক বিকাশত সদায়ে গুৰুত্ব প্রদান কৰি আহিছে৷