নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেলৈ আহিছে আণ্ডাৰ ৱর্ল্ডৰ ভাবুকি৷ কুখ্যাত মাফিয়া ডাউদ ইব্রাহিমৰ নাম লৈ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীগৰাকীক টেলিফোনত তেওঁৰ বাসগৃহ ‘মাটোশ্রী’ উৰুৱাই দিয়াৰ ভাবুকি দিছে অচিনাক্ত ব্যক্তিয়ে৷
স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি কালি পুৱতিনিশা বান্দ্রাস্থিত মুখ্যমন্ত্রীগৰাকীৰ বাসভৱনলৈ এই টেলিফোন কল আহে৷ লেণ্ডলাইন ফোনত ডুবাইৰ পৰা চাৰিবাৰকৈ আহিছে এই ভাবুকি৷ মুখ্যমন্ত্রীগৰাকীক বাসগৃহ বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকি অহাৰ লগে লগে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷
ইফালে, এই টেলিফোন কল ক’ৰ পৰা আহিছে, তাক লৈ এতিয়া তদন্ত চলাই আছে আৰক্ষীয়ে৷ উদ্ধৱ থাক্ৰেলৈ এয়াই প্রথম আণ্ডাৰ ৱর্ল্ডৰ ভাবুকি নহয়৷ ইয়াৰ পূর্বেও নেতাগৰাকীক দুষৃকতিকাৰীয়ে ভাবুকি দিছিল৷