ৰঙিয়াত ৰাষ্ট্রীয় ঘাইপথত জ্বলিল ট্রাক
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ উদিয়ানাত শনিবাৰে নিশা এখন ট্ৰাকত জুই লাগে৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী এ এছ ১৪ চি ৫০৭৭ নম্বৰৰ ট্ৰাকখনত জুই লগাত অঞ্চলটোত হুৱাদুৱা লাগে৷ ট্ৰাকখন ৰখাই চালক আৰু হেণ্ডিমেনে পলায়ন কৰাৰ সন্দেহ প্রকাশ কৰে ৰাইজে৷
ৰাইজে ঘটনা সন্দর্ভত আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীক খবৰ দিয়াৰ লগতে জুই নুমুৱাবলৈ আপ্রাণ চেষ্টা চলায়৷ ৰাজপথৰ ওপৰতে বহু সময় ধৰি জ্বলি থাকে ট্ৰাকখন৷ জ্ব্বলি ভস্মীভূত হয় ট্রাকখন৷ মাজনিশালৈ নলবাৰী অভিমুখী ঘাইপথটো সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷ পিছত অগ্ণিনির্বাপক বাহিনীয়ে জুই নির্বাপন কৰে যদিও ট্ৰাকখন সম্পূর্ণৰূপে জ্বলি যায়৷ বর্তমানলৈকে কোনো সন্ধান নাই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ৷ ঘটনাটো যান্ত্রিক বিজুতি নে অন্য কিবা সেইলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷