বৰাগাঁৱত পেট্র’ল পাম্পত ধন দাবী প্রৱঞ্চকৰ
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ মহানগৰীৰ বৰাগাঁৱত কালি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ বৰাগাঁৱৰ গংগা পেট্র’ল পাম্পত নিজকে ভিজিলেঞ্চৰ বিষয়া বুলি পৰিচয় দি পেট্র’ল পাম্পৰ গৰাকীক এটা দুর্বৃত্তৰ দলে ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
প্রাপ্ত তথ্য মতে, পেট্র’ল পাম্পত কালি পুৱা এ এছ–০১–ডিজে–৭৮০০ নম্বৰৰ এখন বলেৰ’ আৰু আন এখন ফৰচুনাৰ বাহন লৈ দুর্বৃত্তৰ দলটোৱে পেট্র’ল পাম্পত প্রৱেশ কৰে৷ নিজকে ভিজিলেঞ্চৰ বিষয়া বুলি পৰিচয় দি পেট্র’ল পাম্পৰ গৰাকীক নানা বিসংগতি কৰাৰ অভিযোগ তুলি ধন দাবী কৰে৷
তদুপৰি পেট্র’ল পাম্পৰ কর্মচাৰীসকলক দুর্বৃত্তৰ দলটোৱে দুর্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ঘটনা সন্দর্ভত পেট্র’ল পাম্পটোৰ গৰাকীয়ে জালুকবাৰী চকীত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৮৯৭/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷