বর্ষীয়ান দক্ষিণী অভিনেতা জয় প্রকাশ ৰেড্ডিৰ দেহাৱসান
নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ আন এক নক্ষত্রৰ পতন। হৃদৰোগত আক্রান্ত হৈ ইহসংসাৰৰ পৰা মেলানি মাগিলে বর্ষীয়ান দক্ষিণী অভিনেতা জয় প্রকাশ ৰেড্ডি (Jaya Prakash Reddy)। মঙলবাৰে পুৱা প্রকাশিত এই খবৰৰ পাছতে সম্প্ৰতি শোকস্তব্ধ হৈ পৰিছে চলচ্চিত্র মহল।
চলিত বছৰটো বিনোদন জগতখনৰ বাবে মোঠেও ভাল নাছিল। ক’ৰোনা সংকটৰ বাবে দীর্ঘদিন শ্ব’টিং বন্ধ হৈ আছিল। ইপিনে ইয়াৰ মাজতে আহিছিল এজনৰ পাছত আনজন বৰ্ষীয়ান অভিনেতাৰ মৃত্যুৰ খবৰ। ইৰফান খান, ঋষি কাপুৰৰ পৰা সুশান্ত সিং ৰাজপুতৰ পাছত মঙলবাৰে পুৱাই অন্ধ্রপ্রদেশৰ গুন্টুৰ জিলাৰ নিজা বাসগৃহত হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় বর্ষীয়ান দক্ষিণী অভিনেতা জয় প্রকাশ ৰেড্ডিৰ।
উল্লেখ্য যে তিনি দশকৰো অধিক কাল অভিনয় জীৱনত এশৰো বেছি তেলুগু আৰু তামিল ছবিত অভিনয় কৰিছিল জয় প্রকাশ ৰেড্ডিয়ে। খলনায়কৰ চৰিত্রৰ সমান্তৰালকৈ তেওঁক দেখা গৈছিল কৌতুক অভিনেতাৰ চৰিত্ৰটো।
আনহাতে অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই প্ৰতিজন তাৰকা, অভিনতা-অভিনেত্ৰী, শিল্পী, কলা কুশলীয়ে স্মৃতি স্মৰণ কৰি শোক প্রকাশ কৰিছে।