নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক চিনিবলৈ টান… কাইলৈ আছে মস্কোত বৈঠক, দুদিন আগেয়ে সীমান্তত ফুটালে গুলী

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ক্ৰমশঃ গভীৰ হৈ গৈ আছে ভাৰত-চীন বিবাদ। কালি নিশা চীনা সৈন্যই গুলীচালনা কৰা ঘটনাই এই বিবাদক এক আশংকাজনক মাত্ৰা প্ৰদান কৰিছে। বিদেশ মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰে এদিন আগত ভাৰত-চীনা বিবাদ অতি গুৰুতৰ বুলি উপলব্ধি কৰি মত প্ৰকাশ কৰিছিল সীমান্তত শান্তি আৰু স্থিতাৱস্থা বাহাল নাথাকিলে দুয়ো দেশৰ মাজত সুস্থ সম্পৰ্ক স্থাপন নহ’ব। চীন ভাৰতৰ দ্বিতীয় বাণিজ্যিক বন্ধু। গতিকে চীনৰ লগত সুস্থ সম্পৰ্ক বৰ্তাই ৰখাটো অতি প্ৰয়োজন। গতিকে, দুয়ো দেশৰ মাজত গভীৰ আলোচনাৰ প্ৰয়োজন।

এই লৈ অহা ৯ৰ পৰা ১১ ছেপ্টেম্বৰলৈ মস্কোত ছাংহাই কো-অপাৰেচন অৰ্গেনাইজেচনৰ উদ্যোগত আয়োজিত বৈঠকত উপস্থিত থাকি সুব্ৰহ্মণ্যম জয়শংকৰে চীনা বিদেশ মন্ত্ৰী ওয়াং ইৰ লগত বৈঠকতো বহাৰ কথা আছিল। আনহাতে বিদেশ মন্ত্ৰীগৰাকীৰ ভাষ্যই ভাৰত-চীন বিবাদ সোনকালে শেষ কৰাৰ ক্ষেত্ৰত যে ভাৰত আগ্ৰহী,তাকেই প্ৰমাণ কৰিছিল। দুয়োখন দেশৰ বিবাদ মীমাংসা হোৱাৰ সম্ভাৱনা এটা দেখা গৈছিল।

কিন্তু কালি নিশা অৰ্থাৎ মস্কোৰ আলোচনাৰ প্ৰাকক্ষণত চীনা সৈন্যই গুলীচালনা কৰা ঘটনাই বিবাদ প্ৰসংগত চীনৰ স্থিতি ৰহস্যজনক কৰি তুলিলে।

You might also like