নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ছেপ্টেম্বৰৰ ভিতৰত গঠন হ’ব আছু–যুৱ ছাত্রৰ নতুন ৰাজনৈতিক দল

আছুৰ সভাপতি দীপাংক নাথৰ আনুষ্ঠানিক ঘোষণা

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ  অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত আনুষ্ঠানিক ৰূপ পাব আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলটোৱে৷ মঙলবাৰে সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত প্রদান কৰা বক্তব্যত এই ইংগিত স্পষ্ট হৈ পৰিছে৷ আছুৰ সভাপতিগৰাকীয়ে কয় যে অসম পৰামর্শদাতা সমিতিয়ে তেওঁলোকৰ প্রতিবেদনত যিবোৰ পৰামর্শ আগবঢ়াইছে, সেয়া সঠিক ৰূপত কার্যকৰী কৰাৰ দিশত আগবঢ়াই নিয়া হৈছে৷ শীঘ্রে ৰাজনৈতিক দল গঠনৰ বিষয়টোক চূড়ান্ত ৰূপ দিয়া হ’ব৷ আনহাতে নতুন দলটোত কৃষক মুক্তি সংগ্রাম সমিতি জড়িত হ’ব নে নাই, সেই সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত ছাত্র সন্থাৰ নেতাগৰাকীয়ে তাৎপর্যপূর্ণভাৱে কয় যে অসম, অসমীয়াৰ লগতে অসমত বাস কৰা প্রতিগৰাকী লোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবৰ বাবে সকলোকে একত্রিত কৰি এক সুদৃঢ় পদক্ষেপ ল’বৰ বাবে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে কাম কৰি আছে৷ ৰাজনৈতিক দল গঠন হোৱাৰ পিছত দলটোৱে ৰাজনৈতিক কথা–বতৰাসমূহ চূড়ান্ত কৰিব৷ কিন্তু সদৌ অসম ছাত্র সন্থাৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰখা হ’ব৷

উল্লেখ্য যে আজি  গুৱাহাটীত সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় ছাত্র সংগঠনৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদনৰ লগতে প্রস্তাৱিত ৰাজনৈতিক দল গঠনৰ বিষয়েও সবিশেষ আলোচনা কৰা হ’ব৷ তাৰ পিছত অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে নতুন ৰাজনৈতিক দলটোৰ আহ্বায়ক সমিতি গঠন কৰিব৷ ইপিনে, এটা দল আৰু এখন পতাকাৰ তলত সকলো আঞ্চলিক শক্তিক ঐক্যবদ্ধ হ’বলৈ কৃষক নেতা অখিল গগৈয়ে আহ্বান জনোৱাৰ পিছত  কৃষক মুক্তি সংগ্রাম সমিতিৰ কার্যালয়ত অনুষ্ঠিত হয় ৭০ জনগোষ্ঠীয় আৰু জনজাতীয় সংগঠনৰ বৈঠক৷ উক্ত বৈঠকতো পৃথক দল গঠনৰ সলনি এটা ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সর্বসন্মত সিদ্ধান্ত গ্রহণ কৰা হয়৷ তদুপৰি শিৱসাগৰ সমষ্টিৰ উপ–নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে অখিল গগৈক অনুৰোধ জনাই পত্র প্রেৰণৰো সিদ্ধান্ত গ্রহণ কৰে সংগঠনসমূহে৷

You might also like