নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতুল বৰাক পুনৰ সভাপতি নির্বাচনত স্থগিতাদেশ

অগপত নতুন সংকট কঠোৰ দেৱানী আদালত

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ  নেতৃত্বকেন্দ্রিক সংঘাতত জর্জৰিত অসম গণ পৰিষদ দলত পুনৰ এক নতুন সংকটে দেখা দিছে৷ অতুল বৰাক সভাপতি নির্বাচিত কৰি সাধাৰণ পৰিষদৰ বৈঠকত গ্রহণ কৰা দলটোৰ সকলো সিদ্ধান্ত কার্যকৰীকৰণত নিষেধাজ্ঞা আৰোপ কৰিছে কামৰূপ (মহানগৰ) জিলাৰ দেৱানী আদালতে৷ ইয়াৰ লগে লগে অতুল বৰাৰ সভাপতি আৰু কেশৱ মহন্তৰ কার্যকৰী সভাপতি পদৰ বৈধতাক লৈও নতুন প্রশ্ণৰ উদয় হৈছে৷ উল্লেখ্য যে যোৱা ২৭ আগষ্টত আমবাৰীৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠক৷ কিন্তু এই বৈঠকক অবৈধ আখ্যা দি আদালতৰ দ্বাৰস্থ হৈছিল দলটোৰ কামৰূপ (মহানগৰ) জিলা সমিতি৷ কামৰূপ (মহানগৰ) দেৱানী আদালতে ২৬ আগষ্টত প্রদান কৰা এক ৰায়যোগে ২৭ আগষ্টৰ সাধাৰণ পৰিষদৰ সভাত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ নির্দেশৰ প্রতিলিপি হাতত নপৰাৰ অজুহাতত ২৭ আগষ্টত অগপৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে পুনৰ এটা কার্যকালৰ বাবে অতুল বৰাক সভাপতি আৰু কেশৱ মহন্তক কার্যকৰী সভাপতি হিচাপে নির্বাচিত কৰা হয়৷ অগপ নেতৃত্বই এই বৈঠক সন্দর্ভত সদৰী কৰিছিল যে আদালতৰ নির্দেশৰ প্রতিলিপি তেওঁলোকে দুপৰীয়া ১২ বজাত লাভ কৰে৷ কিন্তু তাৰ পূর্বে ১১.৪৫ বজাতে সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয়৷ অগপ নেতৃত্বৰ এই কৌশলক কঠোৰ সমালোচনা কৰি মঙলবাৰে কামৰূপ (মহানগৰ) দেৱানী আদালতে ২৭ আগষ্টৰ বৈঠকত গ্রহণ কৰা সকলো সিদ্ধান্ত কার্যকৰী কৰাৰ ক্ষেত্রত স্থগিতাদেশ জাৰি কৰিছে৷ লগতে উক্ত দিনটোত উপস্থিত সদস্যৰ স্বাক্ষৰসম্বলিত বহী, চিচি টিভি ফুটেজ আৰু সিদ্ধান্তসমূহৰ প্রতিলিপি সংৰক্ষণ কৰাৰ নির্দেশ দিছে৷ সাধাৰণ পৰিষদৰ বৈঠক আদালতৰ নির্দেশ উলংঘাৰে অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি ৰায়টোত কোৱা হয় যে সভ্যতা বর্তি থাকিবলৈ হ’লে আইনৰ শাসন মানি চলিব লাগিব৷ সংবিধানৰ মূল ভেটি শক্তিশালী কৰি ৰাখিবলৈ হ’লে আইনৰ শাসনৰ প্রতি সন্মান প্রদর্শন কৰাটো জৰুৰী৷ আদালতে এইদৰে কয় যে নির্দেশৰ প্রতিলিপি হাতত নপৰা বুলি দিয়া যুক্তি আজিৰ সময়ত বিশ্বাসযোগ্য নহয়৷ এই নির্দেশৰ উদ্দেশ্য আছিল জনসাধাৰণক এই বিষয়ে অৱগত কৰোৱা৷ তদুপৰি ২৬ আগষ্টৰ সন্ধিয়া প্রায়বোৰ টেলিভিছন চেনেলত আৰু ২৭ আগষ্টৰ পুৱা বাতৰিকাকতসমূহত আদালতৰ এই নির্দেশৰ বিষয়ে প্রকাশ পাইছিল৷ স্বাভাৱিকতে বিষয়টো সন্দর্ভত অগপ নেতৃত্বও অৱগত হৈছিল৷ সেইবাবেই দেৱানী আদালতে ২৭ আগষ্টৰ বৈঠকক আদালত অৱমাননাৰ ঘটনা হিচাপে গণ্য কৰি উক্ত সাধাৰণ পৰিষদৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্তসমূহৰ কার্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰে৷ যিহেতু সাধাৰণ পৰিষদৰ বৈঠকতে অতুল বৰা আৰু কেশৱ মহন্তক ক্রমে সভাপতি আৰু কার্যকৰী সভাপতি হিচাপে নির্বাচিত কৰা হৈছিল, গতিকে উক্ত সিদ্ধান্ত কার্যকৰী কৰাৰ ক্ষেত্রতো আইনগতভাৱে নিষেধাজ্ঞা আহি পৰিল৷ উল্লেখ্য যে অসম গণ পৰিষদ দলৰ সংবিধান উলংঘা কৰি ২৭ আগষ্টত সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগেৰে আদালতৰ দ্বাৰস্থ হৈছিল দলটোৰ মহানগৰ সমিতিৰ তিনি বিষয়ববীয়া ক্রমে জিতেন ডেকা, হেমেন লহকৰ আৰু গিৰীন তালুকদাৰ৷ তেওঁলোকৰ আবেদনৰ ভিত্তিতে দেৱানী আদালতে উক্ত বৈঠকত গ্রহণ কৰা সিদ্ধান্তসমূহ কার্যকৰী কৰাৰ ক্ষেত্রত স্থগিতাদেশ জাৰি কৰে৷

You might also like