নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ তলেৰে সুৰংগ পথ নির্মাণত অনুমোদন

চাৰি বছৰ পূর্বে প্রতিৰক্ষা মন্ত্রালয়ক প্রস্তাৱ দিছিল বিআৰ’ৰ অভিযন্তাই

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ বিগত প্রায় দুমাহ ধৰি মাজে–সময়ে ৰাজ্যখনত চর্চিত হৈ থকা বিষয়টো হ’ল ব্রহ্মপুত্রৰ তলেৰে উত্তৰ অসমৰ গহপুৰ আৰু দক্ষিণ দিশৰ নুমলীগড়ক সংযোগ কৰি ১৪.৮৫ কিঃমিঃ দৈর্ঘ্যৰ সুৰংগ পথ নির্মাণ৷ কেন্দ্রীয় চৰকাৰে যোৱা জুলাই মাহত গহপুৰ–নুমলীগড় সংযোগী পথ নির্মাণত চূড়ান্ত অনুমোদন দিয়াৰ পিছত বিৰোধী দলসমূহে ইয়াক যোৰহাট–মাজুলী সংযোগী দলং নির্মাণৰ দৰে আভুৱা–ভাঁৰা বিষয় বুলি উৰাই দিয়াত ৰাইজৰ মাজতো সুৰংগ পথ নির্মাণক লৈ বিভ্রান্তিৰ সৃষ্টি হৈছে৷

ইফালে দেশৰ প্রতিৰক্ষাৰ দিশত বিশেষকৈ চুবুৰীয়া চীন দেশৰ সম্ভাব্য আক্রমণ, আগ্রাসন মোকামিলা কৰিবৰ বাবে প্রতিৰক্ষা মন্ত্রালয়ৰ অনুৰোধমর্মে সুৰংগ পথ নির্মাণৰ বিষয়টোত চূড়ান্ত মোহৰ মাৰিছে কেন্দ্রীয় চৰকাৰে৷ চীন দেশে বোমা পেলাই চীন সীমান্ত সংযোগী অৰুণাচললৈ যাব পৰা তেজপুৰৰ কলীয়া ভোমোৰা দলং, ডিব্রুগড়ৰ বগীবিল আৰু তিনিচুকীয়াৰ ঢলা–শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতু ধ্বংস কৰিলেও যাতে যাতায়াত ব্যৱস্থা ব্যাহত নহয় তাৰবাবে প্রতিৰক্ষা মন্ত্রালয়ে ২০১৫ চনৰে পৰা কেন্দ্রীয় চৰকাৰক হেঁচা দি আহিছিল৷ আনকি প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ (বি.আৰ.অ) ফালৰ পৰা ২০১৬ চনতে ব্রহ্মপুত্রৰ তলেৰে গহপুৰ–নমুলীগড় সংযোগ কৰি সুৰংগ পথ নির্মাণৰ বাবে জৰীপ চলোৱা হৈছিল৷ বি আৰ অ’ৰ উচ্চপদস্থ বিষয়া ড০ শ্যাম সুন্দৰ পাৰোৱালে এই কথা প্রকাশ কৰিছে৷ বি.আৰ.অ’. ৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডলৰ মুখ্য কার্যালয়ৰ তদানীন্তন অতিৰিক্ত সঞ্চালকপ্রধান ড০ শ্যাম সুন্দৰ পাৰোৱালে জনোৱা মতে, তেওঁৰ নেতৃত্বত বিভাগটোৰ এটি অভিযন্তাৰ দলে ২০১৬ চনতে প্রস্তাৱিত গহপুৰ–নুমলীগড সংযোগী সুৰংগ পথৰ চূডান্ত নক্সা তৈয়াৰ কৰিছিল৷ তাৰ পিছত নক্সাসহ সুৰংগ পথ নির্মাণৰ প্রস্তাৱ ড০ শ্যাম সুন্দৰ পাৰোৱালে প্রতিৰক্ষা মন্ত্রালয়ক দাখিল কৰিছিল৷

এইখিনিতে উল্লেখ্য যে ২০১৭ চনত বি আৰ অ’ৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্রধান হিচাপে অৱসৰ গ্রহণ কৰা ড০ পাৰোৱালে চাকৰি জীৱনৰ ৩৬টা বছৰৰ ভিতৰত ২৬ বছৰেই কার্যনির্বাহ কৰিছে অৰুণাচল প্রদেশ আৰু অসমত৷ বি.আৰ.অ’ত পথ, দলং আৰু সুৰংগ নির্মাণৰ বিশেষজ্ঞ হিচাপে পৰিচিত ড০ পৰোৱালে চিকিম আৰু অৰুণাচল প্রদেশত চীন সীমান্ত সংযোগী প্রতিৰক্ষা মন্ত্রালয়ৰ কেইবাটাও গুৰুত্বপূর্ণ পথ আৰু দলং নির্মাণৰ প্রকল্পৰ লগত জডিত আছিল৷

আনকি অৰুণাচল প্রদেশৰ চীন সীমান্তৰ টাৱাঙলৈ ওৰাঙৰ পৰা মাজবাট হৈ দুইলেনযুক্ত পথৰ নির্মাণ, বালিয়াপাৰাৰ পৰা ভালুকপুং, টেংগা, ব’মডিলা, জিৰাং হৈ (বিচিটি ৰোড) টাৱাঙলৈ দুইলেনযুক্ত পথ নির্মাণ৷ অৰুণাচলৰ ব’মডিলাত সুৰংগ পথসহ বাইপাছ নির্মাণ আদি কেইটাও প্রকল্পৰ কাম–কাজ সম্পন্ন কৰাৰ অভিজ্ঞতা থকা ড০ পাৰোৱালে চীনৰ আগ্রাসন ৰোধ কৰিবলৈ হ’লে যাতায়াত ব্যৱস্থা ব্যাহত নহ’বৰ বাবে তেনে এটা সুৰংগ পথ ব্রহ্মপুত্রত নির্মাণ কৰাটো অতি জৰুৰী বুলি সদৰী কৰিছে৷ এই সূত্র অনুসৰি সকলো ঠিকেঠাকে থাকিলে অহা নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰত সুৰংগ পথ নির্মাণৰ কাম আৰম্ভ কৰাটো প্রায় নিশ্চিত৷

You might also like