নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি আবণ্টন

অসমৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানক সঁহাৰি জনালে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ  নামৰূপৰ ৰুগ্ণপ্রায় ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডক (বিভিএফচিএল) পুনৰ কার্যক্ষম কৰাৰ বাবে মঙলবাৰে ১০০ কোটি টকাৰ বিশেষ পেকেজত অনুমোদন জনালে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই উদ্দেশ্যে মঙলবাৰে ১০০ কোটি টকা আবণ্টনৰ কেবিনেট টোকাত স্বাক্ষৰ কৰিছে৷ মঙলবাৰে কেন্দ্রীয় মন্ত্রীগৰাকীক ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাক্ষাৎ কৰি সাৰ কাৰখানাটোৰ পুনৰ উন্নীতকৰণৰ বাবে কেন্দ্রীয় চৰকাৰৰ সহায় বিচাৰি আবেদন জনাইছিল৷ ৰাজ্য চৰকাৰ তথা মন্ত্রী ড০ শর্মাৰ আবেদনৰ প্রতি সঁহাৰি জনাই উদ্যোগটো তাৎক্ষণিকভাৱে পুনৰ উজ্জীৱিত কৰাৰ পেকেজ হিচাপে ১০০ কোটি টকা আবণ্টন দিয়ে৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে মঙলবাৰে এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে চলিত বর্ষৰ জানুৱাৰী মাহত সাৰ কাৰখানাটোত এক বিস্ফোৰণ সংঘটিত হৈ বহু যন্ত্রপাতিৰ ক্ষতি হৈছিল৷ যাৰ বাবে যোৱা ৮ মাহে বন্ধ হৈ আছে সাৰ কাৰখানাটো৷প্রতিবছৰে দুই লাখ মেট্রিকটন সাৰ উৎপাদন কৰা কাৰখানাটোত জানুৱাৰী মাহত সংঘটিত বিস্ফোৰণৰ পিছতেই সম্পূর্ণৰূপে উৎপাদন বন্ধ হৈ যোৱাত এক অনিশ্চয়তাৰ দিশলৈ গতি কৰিছিল৷ কাৰখানাটোৰ ইউনিট–২ আৰু ইউনিট– ৩ৰ বহুকেইটা যন্ত্র সম্পূর্ণৰূপে বিকল হৈ পৰাত এক অনিশ্চয়তাৰ দিশলৈ গতি কৰিছিল বিভিএফচিএল৷ আনকি সম্প্রসাৰণ ঘটোৱা কাৰখানাটোৰ ইউনিট–৪ৰ কাম–কাজো বিভিন্ন কাৰিকৰী বিজুতিৰ বাবে বন্ধ হৈ পৰিছিল৷ সাৰ কাৰখানাটো অলপতে পৰিদর্শন কৰিছিল ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কাৰখানাটো পৰিদর্শন কালতেই মন্ত্রীগৰাকীয়ে বিভিএফচিএলক পুনৰ কার্যক্ষম কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত বিশেষ পেকেজৰ আবেদন জনাব বুলি উল্লেখ কৰিছিল৷ সেই অনুসৰিয়েই সাৰ কাৰখানাটোৰ পুনৰুজ্জীৱিতৰ বাবে প্রচেষ্টা অব্যাহত ৰখা মন্ত্রী ড০ শর্মাক  কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে এই সুখবৰ দিয়াৰ লগতে কাৰখানাটো পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিব বুলিও আশ্বাস দিছে৷ মন্ত্রী ড০ শর্মাই টুইটযোগে  এই সন্দর্ভত এই বুলি উল্লেখ কৰে– নামৰূপৰ ৰুগ্ণপ্রায় ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডৰ প্রতি কেন্দ্রীয় চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰিলোঁ৷ অতি আনন্দৰ কথা যে আমাৰ আবেদনলৈ সঁহাৰি জনাই উদ্যোগটো তাৎক্ষণিকভাৱে পুনৰ উজ্জীৱিত কৰাৰ পেকেজ হিচাপে ১০০ কোটি টকা আবণ্টনৰ কেবিনেট টোকাত বিত্তমন্ত্রীগৰাকীয়ে চহী কৰিছে৷ এই উদ্যোগটোৰ চতুর্থ ইউনিটকে ধৰি সমগ্র উদ্যোগটো পুনৰ উজ্জীৱিত কৰাৰ দীর্ঘম্যাদী উপায় সম্বন্ধে অসম চৰকাৰৰ সৈতে আলোচনা কৰিব বুলিও বিত্তমন্ত্রীগৰাকীয়ে প্রতিশ্রুতি দিছে৷ মন কৰিবলগীয়া যে সাৰ কাৰখানাটো পৰিদর্শন কৰি ইয়াক পুনৰ কার্যক্ষম কৰাৰ বাবে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাৰখানাৰ কর্তৃপক্ষ আৰু ইউনিয়নৰ বিষয়ববীয়াসকলে এক আলোচনাত মিলিত হৈছিল৷ এই বৈঠকতে কাৰখানাটোৰ প্রস্তাৱিত চতুর্থটো উৎপাদন গোট সম্ভাব্য উৎপাদন, বজাৰ আদিকে ধৰি বিভিন্ন দিশ আলোচনা হৈছিল৷ এই আলোচনাকালতেই মন্ত্রী শর্মাই কাৰখানাটোক কার্যক্ষম কৰাৰ বাবে কেন্দ্রীয় বিত্তমন্ত্রীৰ সৈতে যোগাযোগ কৰিব বুলি ইউনিয়নৰ বিষয়ববীয়াসকলক প্রতিশ্রুতি দিছিল৷

You might also like