নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০ শতাংশ কাম সম্পূর্ণ গেৰুকামুখ নদীবান্ধ প্রকল্পৰ

প্রতিবাদক নেওচি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ অব্যাহত এনএইচপিচিৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ   নামনিত পৰিব পৰা প্রভাৱ সঠিকভাৱে অধ্যয়ন নকৰাকৈয়ে অসম–ৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মীয়মাণ বৃহৎ নদীবান্ধৰ কাম দিনে–নিশাই অব্যাহত ৰাখিছে নির্মাণকাৰী প্রতিষ্ঠান এন এইচ পি চিয়ে৷ ২০০০ মেগাৱট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ প্রায় ৭০ শতাংশ নির্মাণ কার্য সম্পূর্ণ কৰি তুলিছে প্রতিষ্ঠানটোৱে৷ ৰাজ্যজুৰি এই নদীবান্ধৰ বিৰুদ্ধে তীব্র প্রতিবাদ অব্যাহত থকা সত্ত্বেও এন এইচ পি চিয়ে বৃহৎ নদীবান্ধটোৰ পাৱাৰ হাউছ, মূল বান্ধ, সুৰংগ আদিৰ নির্মাণ কাম অতি পৰিকল্পিতভাৱে আগুৱাই লৈ গৈছে৷ ইতিমধ্যে এই প্রকল্পটোৰ নির্মাণৰ বাবে প্রয়োজনীয় সা–সামগ্রী মজুতকৰণ আৰু কঢ়িওৱাৰ কামো অব্যাহত ৰাখিছে প্রতিষ্ঠানটোৱে৷ শেহতীয়াকৈ কেইবাটাও স্থানত বৃহৎ নদীবান্ধলৈ কঢ়িয়াই অনা সামগ্রী জব্দ কৰিছে বিভিন্ন দল–সংগঠনে৷ এনে সময়তে মঙলবাৰে পুৱাৰ ভাগত প্রকল্পটোৰ বিভিন্ন যন্ত্রাংশ কঢ়িয়াই অনা চাৰিখন বৃহৎ ট্রেইলাৰ ৰখাই থোৱা পৰিলক্ষিত হয় চতিয়াৰ এন আৰ এল তেল ডিপোত৷ ট্রেইলাৰকেইখনে কঢ়িয়াই অনা ট্রেন্সফর্মাৰ নগাঁৱৰ পৰা লৈ অহা হৈছিল বুলি প্রকাশ কৰিছে চালকসকলে৷ দিনৰ ভাগত এই যন্ত্রাংশ কঢ়িয়াই নিলে প্রতিবাদকাৰীৰ ৰোষত পৰাৰ ভয়ত নিশাৰ ভাগত সংগোপনে ট্রেইলাৰত যন্ত্রাংশ নদীবান্ধলৈ নিয়াৰ পৰিকল্পনা কৰিছে নির্মাণকাৰী প্রতিষ্ঠানটোৱে৷ পঞ্জাবৰ চণ্ডীগড়ৰ পৰা অহা চাৰিখন বিশেষ বাহনেৰে এই গধুৰ ট্রেইলাৰকেইখনে কঢ়িয়াই আনিছে৷ চতিয়াৰ ডিপোত দিনটো ৰখাই থোৱাৰ পিছত সন্ধিয়া ট্রেইলাৰকেইখন যন্ত্রাংশসহ প্রকল্প অভিমুখে ৰাওনা হয়৷ একে সময়তে গেৰুকামুখলৈ প্রকল্পৰ নির্মাণৰ সামগ্রী আৰু যন্ত্রাংশ কঢ়িয়াই নিয়াৰ ক্ষেত্রত যাতে প্রতিবাদী কার্যসূচীয়ে বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবেও প্রশাসনক সষ্টম কৰি ৰখা হৈছে বুলি এক বিশেষ সূত্রত প্রকাশ৷ অর্থাৎ প্রশাসনৰ সহযোগত এন এইচ পি চিয়ে প্রকল্পৰ নির্মাণ কার্য শীঘ্রে শেষ কৰি প্রকল্পটো উৎপাদনক্ষম কৰি তুলিবলৈ একপ্রকাৰ বদ্ধপৰিকৰ হৈ পৰিছে৷ উল্লেখ্য যে ভূকম্পনপ্রৱণ অঞ্চলত নির্মাণ কৰা এই বৃহৎ নদীবান্ধে অসমৰ ৰাইজলৈ এক বৃহৎ ভাবুকি কঢ়িয়াই আনিব বুলি বাৰম্বাৰ বিশেষজ্ঞসকলে আশংকা কৰি আহিছে৷ সমান্তৰালভাৱে এই নদীবান্ধৰ ফলত নামনিত পৰিব পৰা প্রভাৱ সন্দর্ভত বিস্তৃত অধ্যয়ন কৰিবলৈ দল–সংগঠনসমূহে দাবী উত্থাপন কৰি আহিছে৷ এই বৃহৎ নদীবান্ধ অবিজ্ঞানসন্মতভাৱে নির্মাণ হ’লে ভৱিষ্যতে অসমবাসীলৈ ভয়াৱহ বিপদ নামি আহিব বুলিবাৰম্বাৰ আশংকা কৰা হৈছে আৰু এই আশংকা অধিক ঘনীভূত কৰি বিগত বাৰিষাসমূহত প্রকল্পস্থলীত বাঢ়নী পানীৰ প্রকোপ পৰিলক্ষিত হৈ আহিছে৷ কিছুদিন পূর্বে সোৱণশিৰিৰ খৰস্রোতা জলাধাৰে প্রকল্পটোৰ গার্ডৱাল ভাঙি পেলাইছিল৷ জানিব পৰা মতে, এই ভাঙি পৰা গার্ডৱাল পুনৰ নির্মাণৰ বাবে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰিছে এন এইচ পি চিয়ে৷ প্রকল্পস্থলীত এতিয়াও নদীৰ জলস্তৰ হ্রাস নোপোৱাৰ বাবে এই কাম আৰম্ভ কৰিব পৰা নাই যদিও নির্মাণ কার্যৰ বাবে প্রয়োজনীয় সামগ্রী যেনে– শিল, বালি, চিমেণ্ট, ৰড আদি মজুতকৰণৰ কাম আৰম্ভ কৰা হৈছে৷ পানী কমিলেই এই গার্ডৱাল আৰু পাৱাৰ হাউছৰ কাম পুনৰ আৰম্ভ কৰিব এন এইচ পি চিয়ে৷

You might also like