নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি অব্যাহত আছে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণ৷ ইয়াৰ মাজতে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা মঙলবাৰে ১ লাখ অতিক্রম কৰিছে৷ ইপিনে মঙলবাৰৰ দিনটোত পুনৰ ৮গৰাকী লোকে ক’ভিড আক্রান্ত হৈ মৃত্যুক সাবটি ল’বলগীয়া হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে সদৰী কৰে এই তথ্য৷ মঙলবাৰে মৃত্যু হোৱা লোককেইজন হৈছে– ওদালগুৰিৰ আজিজুৰ ৰহমান (৫৩), হোজাইৰ ৰীণা ভূঞা শইকীয়া (৬৩), কামৰূপ মহানগৰৰ ভানু চন্দ্র দে’ (৬৬), পৰাগ কুমাৰ বৰা (৫৩), ডিব্রুগড়ৰ দিলীপ কুমাৰ ফুকন (৫৪), কাছাৰৰ ছানু সূত্রধাৰ (৩৭), যোৰহাটৰ অঞ্জলি ৰাণী দত্ত (৬০) আৰু বঙাইগাঁৱৰ ৰাজেশ সুবেদী (৪১)৷ ইয়াৰ লগে লগে ক’ভিড আক্রান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৭৮জনলৈ বৃদ্ধি পালে৷ ইপিনে, মঙলবাৰে দিনটোত নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ২,৫৭৯জন লোক৷ টুইটাৰযোগে স্বাস্থ্যমন্ত্রীগৰাকীয়্ সদৰী কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৩৪,৪৬২টা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আজি ক’ভিডত আক্রান্তৰ হাৰ হৈছে ৭.৪৮ শতাংশ৷ নতুনকৈ আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰৰ ৭২৯জন, ডিব্রুগড়ৰ ১৬০জন, যোৰহাটৰ ১৪৬জন আৰু ধেমাজিৰ ১১০জন লোক৷ ইপিনে, আজিৰ দিনটোত সুস্থ হৈ ঘৰলৈ ওভতা লোকৰ সংখ্যা হৈছে ২১৬৬জন৷ ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা হৈছে ১,৩০,৮২৩জন৷ বর্তমান চিকিৎসাধীন হৈ আছে ২৯২০৩জন লোক৷ সুস্থ হৈ ঘৰলৈ ওভতা লোকৰ সংখ্যা হৈছে ১,০১,২৩৯জন৷
মৰিয়নিত ক’ভিড–১৯ আক্রান্ত হৈ শিক্ষকৰ মৃত্যু
মৰিয়নিৰ সমীপৰ অসম–নাগালেণ্ড সীমান্তৱর্তী বাঁহনি খেৰেমিয়া নিৱাসী, কৃতী শিক্ষক, সমাজকর্মী খগেন ফুকনৰ আজি ক’ভিড–১৯ত আক্রান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোকপ্রাপ্তি হয়৷ মৰিয়নিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক, সমাজকর্মী খগেন ফুকনে ২৫ আগষ্টত মৰিয়নিত শিক্ষকৰ বাবে হোৱা ক’ভিড–১৯ৰ ছোৱাব পৰীক্ষা কৰাইছিল যদিও প্রথমবাৰ তেওঁৰ নিগেটিভ হয়৷ কিন্তু তাৰ পিছতেই তেওঁ অসুস্থ হৈ পৰে৷ পিছত যোৱা ৪ ছেপ্টেম্বৰত পুনৰ ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল পজিটিভ আহে৷ তাৰ পিছতেই তেওঁক তিতাবৰৰ ক’ভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হৈছিল যদিও তাৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়৷ কিন্তু মঙলবাৰে দুপৰীয়া তেওঁৰ মৃত্যু হয়৷ প্রয়াত ফুকন মধুমেহ ৰোগত আক্রান্ত হৈ আছিল৷ ইয়াকে লৈ মৰিয়নিত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পালে৷ পৰিয়ালৰ লোকৰ উপস্থিতিত প্রশাসনে যোৰহাটৰ গডমূৰ শ্মশানত প্রয়াত শিক্ষকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰে৷ উল্লেখ্য যে ফুকন উক্ত অঞ্চলটোৰ প্রথমগৰাকী উচ্চ শিক্ষিত ব্যক্তি আছিল৷ ইতিহাস বিভাগৰ প্রথমগৰাকী স্নাতকোত্তৰ ডিগ্রীধাৰী ব্যক্তি আছিল প্রয়াত খগেন ফুকন৷