নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ চিএমডিক আঁতৰাই জুই নির্বাপণৰ মূল দায়িত্ব অ’এনজিচিৰ চিএমডিক

বাঘজানক লৈ চিন্তিত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ৰ কঠোৰ পদক্ষেপ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ যোৱা ২৭ মে’ত অইল ইণ্ডিয়াৰ বাঘজান বিজিএন–৫ত সংঘটিত অগ্ণিকাণ্ড নিয়ন্ত্রণলৈ নহাত চিন্তিত হৈ পৰিছে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়৷ তিনি মাহৰো অধিক সময় ধৰি প্রৱাহিত তেল–গেছৰ নির্গমন নিয়ন্ত্রণ কৰিব নোৱাৰাটোৱে অইল ইণ্ডিয়াৰ চৰম ব্যর্থতাৰ দিশটোক উন্মোচিত কৰিছে৷ ন ন যন্ত্রপাতি আৰু বিদেশী বিশেষজ্ঞ নিয়োজিত কৰাৰ পিছতো উপর্যুপৰি ব্যর্থ প্রয়াসে প্রতিপন্ন কৰিছে দেশৰ দ্বিতীয় বৃহৎ নৱৰত্ন কোম্পানী অইল ইণ্ডিয়াৰ কাৰিকৰী দক্ষতাৰ অভাৱক৷ ইয়াক লৈ খোদ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ৰ আস্থা হেৰুৱাইছে দেশৰ ৰাজহুৱা তৈল উদ্যোগ খণ্ড অইল ইণ্ডিয়া লিমিটেডে৷ পেট্র’লিয়াম মন্ত্রালয়ৰ এক নির্ভৰযোগ্য সূত্র অনুসৰি প্রধানমন্ত্রীৰ কার্যালয়ৰ হস্তক্ষেপত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্রক বাঘজান অপাৰেচনৰ মূল নেতৃত্বৰ দায়িত্ব কর্তন কৰি নতুনকৈ দায়িত্ব প্রদান কৰিছে অ’এনজিচিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শশী শংকৰক৷ পেট্র’লিয়াম মন্ত্রালয়ে অইল মেনেজমেণ্টৰ ব্যর্থতাত খর্গহস্ত হৈ প্রায় দুদিন পূর্বে বাঘজানৰ দায়িত্ব আনুষ্ঠানিকভাৱে অর্পণ কৰে অ’এনজিচিৰ চি এম ডিৰ ওপৰত৷ এতিয়াৰে পৰা অ’এনজিচিৰ চি এম ডিগৰাকীৰ নেতৃত্বত বাঘজানৰ জুই নির্বাপণৰ প্রতিটো সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ তেওঁৰ নেতৃত্বতে ঘটনাৱলীৰ সম্পূর্ণ তদাৰক আৰু নিৰীক্ষণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে, সূত্র অনুসৰি অচিৰেই অ’এনজিচিৰ চি এম ডিৰ নির্দেশত কোম্পানীৰ এটা উচ্চস্তৰীয় দলো বাঘজানৰ ঘটনাস্থলীত উপস্থিত হ’ব৷ উল্লেখ্য যে কালি ব্ল’–আউট খাদটোৰ পৰা বি অ’ পিৰ সৈতে সংযুক্ত পাইপলাইনেৰে ই পি এছলৈ Early Production Station) গেছ ডাইভার্ট কৰি থকা অৱস্থাতে গেছ খাদটোৰ কেচিং হেডৰ তিনি ঠাইত ছিদ্র সৃষ্টি হৈছিল৷ ফলত এক অনাহূত পৰিস্থিতি উদ্ভৱ হোৱাৰ পূর্বেই গেছ প্রডাকচন আৰু ফ্লেয়াৰ লাইন বন্ধ কৰি দিয়া হয়৷ সূত্র অনুসৰি বাঘজানবাসীৰ জীৱন–সম্পত্তিক পণবন্দী কৰি অইল ইণ্ডিয়াই সংশ্লিষ্ট বিভাগৰ অগোচৰে নিজাববীয়াকৈ গ্রহণ কৰা এই ‘ট্রায়েল এণ্ড মেথড’ৰ পদক্ষেপ আছিল অতি বিপদসংকুল৷ ইফালে, এই অপাৰেচন তাৎক্ষণিকভাৱে বন্ধ কৰি দিবলৈ ভিডি’ কনফাৰেঞ্চৰ যোগেদি অইল মেনেজমেণ্টক নির্দেশ দিয়ে অ’এনজিচিৰ চি এম ডিয়ে৷ উচ্চস্তৰীয় সূত্র অনুসৰি কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে বাঘজান অপাৰেচনৰ চৰম ব্যর্থতাৰ পৰিণতিত অইলৰ ব’ড অৱ মেনেজমেণ্টক থকা–সৰকা কৰিছে সমালোচনাৰে৷ সমালোচনাৰ সন্মুখীন হৈছে বিশেষকৈ অইলৰ চি এম ডিগৰাকী৷ অইল ইণ্ডিয়াৰ ‘ভৱিষ্যৎহীন পৰিকল্পনা’, ‘কার্যদক্ষতাৰ অভাৱ’, ‘ন’ ৱর্থ’ অর্থাৎ যোগ্যতাহীনতাৰ অভিযোগ তুলি পেট্র’লিয়াম মন্ত্রালয়ে চোকা ভাষাৰে সমালোচনা কৰে অইল ইণ্ডিয়া লিমিটেডক৷ ইফালে, ৰাইজৰ উপর্যুপৰি সমালোচনাৰ সন্মুখীন হৈ অসম চৰকাৰেও বাঘজান ঘটনাৱলীক লৈ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ক হেঁচা প্রয়োগ কৰিছে বুলি উচ্চস্তৰীয় সূত্রৰ যোগেদি জানিব পৰা গৈছে৷ তাৎপর্যপূর্ণ যে সুদীর্ঘ দিনে নিতৌ খাদটোৰ পৰা নির্গত অত্যধিক গেছৰ চাপত ভূ–গর্ভত সৃষ্টি হোৱা অহৰহ কম্পনৰ ফলত ভূমিৰ গাঁথনি নষ্ট হোৱা বুলি বিজ্ঞসকলে সন্দেহ প্রকাশ কৰিছে৷

You might also like