নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা সৈন্যৰ হাতত মাৰণাস্ত্ৰ গুয়ানডাও ব্লেড… গালৱান-কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ ভাৰত-চীনৰ বিবাদে পৰৱৰ্তী সময়ত কি ৰূপলৈ গতি কৰে তাক এতিয়াও নিশ্চিতভাৱে ক’ব পৰা নাযায়। কিন্তু প্ৰতিদিনে চীন-ভাৰতৰ বিবাদে এক আশংকাজনক ভৱিষ্যতৰ ইংগিত বহন কৰি আছে। শেহতীয়াকৈ পোৱা এক খবৰ মতে, চীনা সেনাৰ হাতত দেখা গৈছে এবিধ বিশেষ অস্ত্ৰ, যাৰ বাবে জুনত সংঘটিত গালৱান উপত্যকাৰ মুখামুখি সংঘৰ্ষৰ দৰে ঘটনা পুনৰ ঘটাৰ আশংকা দেখা গৈছে।

লাদাখৰ পেংগন লেকৰ দক্ষিণ প্ৰান্তত এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। কিয়নো ৩০ আগষ্টৰ পৰা উক্ত অঞ্চলৰ বহুকেইখন পাহাৰত ঘাটি পাতিবলৈ চেষ্টা চলাই আছে চীনে। আনহাতে উক্ত অঞ্চল ইতিমধ্যে ভাৰতীয় সেনাই নিজৰ দখলত ৰাখিছে।

চীনা সৈন্যৰ হাতত দেখা গৈছে মাৰণাস্ত্ৰ গুয়ানডাও ব্লেড
লাডাখৰ পেংগন অঞ্চলত চীনা সেনাই হাতে হাতে মাৰণ অস্ত্ৰ গুয়ানডাও ব্লেড লৈ থকা দেখা গৈছে। গুয়ানডাও ব্লেড লৈ ঘূৰি ফুৰা চীনা সৈন্যৰ ফটোও প্ৰকাশ পাইছে ছ’চিয়েল মিডিয়াত। গুয়ানডাও ব্লেড হৈছে মধ্যযুগৰ অস্ত্ৰ আৰু ই চীনা সমৰ কলাৰ অন্যতম হাথিয়াৰ।

ভাৰতৰ যাঠীসদৃশ এই অস্ত্ৰৰে তড়িৎ গতিত শত্ৰুক আক্ৰমণ কৰিব পাৰি। ২০০০ বছৰ আগৰ চীনা সেনাপতি গুয়ান ইউয়েৰ নামেৰে নামাকৰণ কৰা এই অস্ত্ৰ এখন ব্লেডৰ দৰে ধাৰাল। চুক্তি অনুসৰি গুলী-বাৰুদ উক্ত সীমান্ত এলেকাত নিষিদ্ধ বাবে চীনা সৈন্যই গুয়ানডাও ব্লেডৰ আশ্ৰয় লৈ পুনৰ গালৱান উপত্যকাৰ দৰে ভাৰতীয় সেনাৰে মুখামখি সংঘৰ্ষত লিপ্ত হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

You might also like