নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বল আপুনি দাদা….এটা পৰিয়ালৰ মহিলাৰ কাৰণে থিয় হৈছেঃ পুনম মহাজন

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ সোমবাৰে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক নিৰ্বলা বুলি কটাক্ষ কৰিছিল। যাৰ পৰিপেক্ষিতত মঙলবাৰে লোকসভাত যথেষ্ট উত্তপ্ত হৈ পৰে। আজি বিজেপিৰ সাংসদ পুনম মহাজনে অধীৰ ৰঞ্জন চৌধুৰীক আক্ৰমণ কৰি কয় যে যোৱা কালি তেলেংগানাৰ মহিলাৰ চিকিতসক ধৰ্ষণ কৰি হত্যা কৰাৰ বাবে গোটেই সাংসদ একগোট হৈছিল, সেই সময়ত যাৰ নামতে ধীৰ আছে ,কিন্তু তেওঁ ধীৰতা হেৰুৱাই বিত্ত মন্ত্ৰীক যি মন্তব্য কৰিছিলে, সেইটো সকলোতকে নিন্দনীয়। লগেত অধীৰ ৰঞ্জন চৌধুৰীক উদ্দেশ্য কৰি কয় যে নিৰ্বল আপুনি দাদা, কাৰণ আপুনি এটা পৰিয়ালয়ৰ মহিলাৰ কাৰণে যুঁজৰ লগতে সন্মান আৰু সুৰক্ষাৰ কাৰণে থিয় হৈ আছে।

উল্লেখ্য যে সদন আৰম্ভ হোৱাৰ আগেত বিজেপিৰ সংসদীয় দলৰ বৈঠক হয় আৰু এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় য়ে কংগ্ৰেছৰ নেতাই যি দৰে ভাষাৰ প্ৰয়োগ কৰিছে , সেই ভাষা আমি প্ৰয়োগ কৰা অনুচিত। ৰাজনাথে সিঙে লগতে কয় যে আমি আক্ৰামক হম কিন্তু নিজৰ গৰিমা বজাই ৰাখিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যে লোকসভাত সাংসদৰ উপস্থিতি কম তাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকী অসন্তুষ্ট বুলি উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

You might also like