নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তৰ সেনা প্রত্যাহাৰত সহমত বেইজিং–দিল্লীৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ  লাডাখৰ এল এ চিত দখলদাৰী চীনৰ বিৰুদ্ধে যুদ্ধংদেহি মনোভাব লৈ বাহৰ পাতি আছে ভাৰতীয় সেনাই৷ সীমান্তত চীন–ভাৰতৰ সেনাৰ মাজত উত্তেজনা চলি থকাৰ মাজতে নতুন দিল্লীত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ নেতৃত্বত এখন শীর্ষ পর্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ সীমান্তত দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে৷ ইপিনে ৰাছিয়াৰ ৰাজধানী মস্কোত লাডাখৰ পৰিস্থিতিক লৈ দুই দেশৰ বৈদেশিক মন্ত্রীৰো বৈঠক অনুষ্ঠিত হৈ গৈছে৷ এই বৈঠকত দুই দেশৰ বৈদেশিক মন্ত্রীয়ে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ পাঁচদফীয়া পৰিকল্পনাৰ সহমতত উপনীত হৈছে৷

উল্লেখ্য যে যোৱা ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত কর্নেলসহ ২০জন ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পাছতেই সীমান্তত দুই দেশৰ মাজত উত্তেজনা অব্যাহত আছে৷ কূটনৈতিক–সামৰিক আলোচনামর্মে লাডাখৰ এল এ চিত যথাস্থিতি বাহাল ৰাখি সেনা প্রত্যাহাৰৰ সহমতত উপনীত হ’লেও চীনা সৈন্যই দুমুখীয়া নীতি লৈ ফিংগাৰ ৪ত নিজৰ সেনাৰ শক্তি বৃদ্ধি কৰি আছে৷ ছেগাচোৰোকাকৈ এল এ চিত দুই দেশৰ সেনাৰ মাজত সংঘাত চলি থকাৰ মাজতেই যোৱা ২৯–৩০ আগষ্টত চীনা সৈন্যই ৰছী–ট্রেকিং হাতিয়াৰেৰে ভাৰতৰ ভূমি দখলৰ অপচেষ্টা চলায়৷

চীনা সৈন্যৰ এই অপচেষ্টা ভাৰতীয় সেনাই বীৰত্বৰে প্রতিহত কৰাৰ পাছতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে৷ চীনে সীমান্তত নিজৰ শক্তি বৃদ্ধি কৰাৰ সমান্তৰালকৈ ভাৰতেও সমৰসজ্জা সাজু কৰি তুলিছে৷ ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰৱানে আৰু বায়ুসেনাৰ মুৰব্বী মার্শ্বাল আৰ কে এছ ভাডাউৰিয়াই সীমান্ত পৰিস্থিতি নিৰীক্ষণ কৰি সেনাক সাজু হৈ থাকিবলৈ নির্দেশ দিছে৷ যিকোনো সময়তে দুই দেশৰ সেনাৰ মাজত সংঘাত হোৱাৰ সম্ভাৱনা প্রকট হৈ থকাৰ সময়তে  কালি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে নতুন দিল্লীৰ ছাউথ ব্লকত শীর্ষ পর্যায়ৰ বৈঠকত অংশ লয়৷

ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চি ডি এছ জেনেৰেল বিপিন ৰাৱাট আৰু তিনি সেনাবাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে লাডাখৰ সীমান্তৰ পৰিস্থিতি সন্দর্ভত বিতং আলোচনা কৰে৷ এই বৈঠকৰ সমান্তৰালকৈ কালি দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক এখনো অনুষ্ঠিত হৈছে৷ সীমান্তত পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ কালি দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠকৰ পূর্বে যোৱা ৬, ২২ আৰু ৩০ জুন, ১৪ জুলাই আৰু ২ আগষ্টত এনে বৈঠক অনুষ্ঠিত হৈছে৷ এই বৈঠকত কোনো মীমাংসাপূর্ণ সমাধান হোৱা নাই৷

অৱশ্যে আলোচনা ধাৰাবাহিকভাৱে চলাই থাকিব বুলি সহমতত উপনীত হৈছে৷ আনপিনে পৰহি নিশা ৰাছিয়াৰ মস্কোত ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্রী ৱাং য়িৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ ভাৰত–চীনৰ সম্পর্ক আৰু দুই দেশৰ সীমান্তত সৃষ্টি হৈ থকা উত্তেজনাময় পৰিস্থিতিক লৈ বৈঠকখনত গঠনমূলক আলোচনা হয়৷

দুই দেশৰ বৈদেশিক মন্ত্রালয়ৰ যুটীয়া বিবৃতিত প্রকাশ কৰা মতে, দ্বিপাক্ষিক সম্পর্ক মধুৰ কৰাৰ লগতে লাডাখ সীমান্তত পৰিস্থিতি শান্তিপূর্ণ কৰি তোলাৰ বাবে ৫ দফীয়া পৰিকল্পনা কার্যকৰীকৰণত সন্মতি প্রদান কৰে৷ সীমান্তত থকা দুই দেশৰ সেনাবাহিনীয়ে অহৰহ আলোচনা চলাই যোৱাৰ সমান্তৰালকৈ সীমান্তত সঠিক দূৰত্ব বর্তাই ৰখা আৰু উত্তেজনা শাম কটোৱাৰ বাবে শীঘ্রেই ব্যৱস্থা গ্রহণ কৰাত সন্মতি প্রকাশ কৰে৷ চীন–ভাৰতৰ সীমান্তক লৈ বর্তি থকা চুক্তিক দুই দেশে মানি চলাৰ লগতে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাটো এই পৰিকল্পনাত অন্তর্ভুক্ত কৰা হয়৷

তদুপৰি পৰিস্থিতি যাতে অধিক বিষম হৈ নপৰে, তাৰ প্রতি লক্ষ্য ৰাখি কোনোপক্ষই ব্যৱস্থা গ্রহণ নকৰাৰ ওপৰতো জোৰ দিয়া হয়৷ দুই দেশৰ সীমান্তক লৈ সৃষ্টি হোৱা প্রশ্ণৰ সমাধানৰ লক্ষ্যৰে বিশেষ প্রতিনিধিত্বৰে দুই দেশৰ মাজত আলোচনা আৰু যোগাযোগ ক্ষিপ্র কৰাটো সহমতত উপনীত হয়৷উল্লেখ্য যে এছ চি অ’ৰ বৈদেশিক মন্ত্রীসকলৰ বৈঠকৰ বাবে মস্কোত উপস্থিত থকা দুই দেশৰ বৈদেশিক মন্ত্রীয়ে লাডাখক লৈ আলোচনা কৰাৰ পূর্বে এছ চি অ’ৰ প্রতিৰক্ষা মন্ত্রীৰ বৈঠকৰ সময়ত ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু চীনৰ প্রতিৰক্ষা মন্ত্রী ৱেইৱ ফেং হিয়ে বৈঠকত মিলিত হৈছে৷ অৱশ্যে এই বৈঠকৰ কোনো সু–মীমাংসা নোলাল৷

You might also like