নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ মহাৰাষ্ট্রৰ শাসকীয় দল শিৱসেনাৰ সৈতে তীব্র বাক–বিতণ্ডাত লিপ্ত হোৱা বলীউডৰ অভিনেত্রী কংগনা ৰানাৱটে কংগ্রেছ নেত্রী ছোনিয়া গান্ধীক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈ কৈছে যে ইতিহাসে নেত্রীগৰাকীক মৌনতাৰ উত্তৰ দিব৷
ৰাজ্য চৰকাৰে অভিনেত্রীগৰাকীৰ মুম্বাইস্থিত কার্যালয় ভঙাৰ পিছতে ইয়াক এক আতিশয্য বুলি অভিহিত কৰিছে কংগনাই৷ লক্ষণীয়ভাৱে শিৱসেনাৰ মিত্র দল কংগ্রেছে এই ঘটনা সন্দর্ভত নির্লিপ্ততা অৱলম্বন কৰিছে৷ গতিকে কংগনা ৰানাৱটে কংগ্রেছৰ এই মৌনতাক লৈ উজাৰিছে ক্ষোভ৷ এগৰাকী মহিলা হৈও কংগ্রেছ সভানেত্রীগৰাকীয়ে মহাৰাষ্ট্র চৰকাৰৰ এনে অমানৱীয় কার্যক লৈ কিয় মৌনতা অৱলম্বন কৰিছে বুলি প্রশ্ণৰ অৱতাৰণাও কৰিছে কংগনা ৰানাৱটে৷
ছ’চিয়েল মিডিয়া টুইটাৰযোগে অভিনেত্রীগৰাকীয়ে ছোনিয়া গান্ধীক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈ কৈছে যে ছোনিয়াই মহাৰাষ্ট্র চৰকাৰক এনে অনৈতিক কার্য বন্ধ কৰিবলৈ অনুৰোধ জনাব পাৰে৷ কিন্তু নেত্রীগৰাকীয়ে মহাৰাষ্ট্র চৰকাৰক এইক্ষেত্রত কোনোধৰণৰ আহ্বান জনোৱা নাই৷ গতিকে এনে কার্যত কংগ্রেছৰ অৰিহণা থকা বুলি সন্দেহ কৰিছে কংগনা ৰানাৱটে৷