নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাক কেৱল শ্রেণীকোঠাত সীমাবদ্ধ নকৰি বহিঃবিশ্বৰে সংযোগ কৰা উচিতঃ প্রধানমন্ত্রী মোদী

নিয়মীয়া বার্তা,  ১২ ছেপ্টেম্বৰঃ দেশে ২০২২ চনত স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদযাপনৰ সময়তেই শিক্ষার্থীয়ে ৰাষ্ট্রীয় শিক্ষা নীতিৰ (এন ই পি) নতুন পাঠ্যক্রমত অধ্যয়ন কৰিব৷ এই নতুন পাঠ্যক্রম হ’ব দূৰদর্শী, ভৱিষ্যতৰ বাবে সাজু কৰি তোলা আৰু বিজ্ঞানসন্মত৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷

এন ই পি–২০২০ৰ দ্বাৰা আয়োজিত ‘২১ শতিকাৰ বিদ্যালয় শিক্ষা’ শীর্ষক সভা সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে এই মন্তব্য আগবঢ়াই কয় যে শিশুসকলে নিজৰ মাতৃভাষা অথবা স্থানীয় ভাষাত অতি কমেও পঞ্চম স্থানলৈ অধ্যয়ন কৰাৰ আৱশ্যকতা আছে৷ এন ই পি অনুসৰি পঞ্চম শ্রেণীলৈকৈ মাতৃভাষাত শিক্ষা লোৱা বিষয়টো জোৰ দি প্রধানমন্ত্রী মোদীয়ে কয় যে এন ই পিয়ে ভাষা শিক্ষণৰ ক্ষেত্রত কোনো প্রতিবন্ধকতা ৰখা নাই৷

শিক্ষার্থীয়ে ইংৰাজী অথবা আন আন্তর্জাতিক ভাষাতো শিক্ষা ল’ব পাৰে, যদি তেওঁলোকে তাৰ দ্বাৰা লাভৱান হ’ব বুলি ভাবে৷ এইক্ষেত্রত কোনো আপত্তি নাথাকে৷ অৱশ্যে ভাৰতীয় ভাষাক আগবঢ়াই নিয়াটো অধিক আৱশ্যক৷ উল্লেখ্য যে এন ই পি–২০২০ৰ জৰিয়তে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে হিন্দী ভাষাক অধিক আগবঢ়াই নিয়াৰ অভিযোগ তোলা একাংশ অবিজেপি ৰাজ্য চৰকাৰ আৰু বিৰোধী দলৰ সমালোচনাক পৰোক্ষভাৱে উত্তৰ দিয়ে প্রধানমন্ত্রী মোদীয়ে৷

ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে বিগত তিনিটা দশকত পৃথিৱী পৰিৱর্তন হৈছে, কিন্তু আমাৰ দেশৰ শিক্ষা নীতি একেই হৈ আছে৷ চলিত শিক্ষা ব্যৱস্থাক শিক্ষার্থীৰ বাবে মার্কশ্বীট হৈছে প্রেছাৰশ্বীট আৰু পৰিয়ালৰ বাবে হৈছে প্রেছটিজশ্বীট৷ নতুন শিক্ষা নীতি এনে চাপক আঁতৰাব৷

তদুপৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে নতুন শিক্ষা নীতিয়ে ২১ শতিকাৰ দেশখনক নতুন নির্দেশনা দিব আৰু নতুন যুগৰ সূচনা কৰিব৷ ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে ৫ ই ফর্মুলা উত্থাপন কৰি কয় যে এই ৫ ই হৈছে এনগ্রেজ, এক্সপ্ল’ৰ, এক্সপেৰিয়েঞ্চ, এক্সপ্রেছ আৰু এক্সেল৷ নতুন যুগৰ শিক্ষণত শিক্ষার্থীৰ বাবে এই ৫ ই হ’ব সবাতোকৈ গুৰুত্বপূর্ণ৷

এন ই পিয়ে পাঠ্যক্রম হ্রাস কৰিব আৰু শিক্ষণ হ’ব আমেজ আধাৰিত, সম্পূর্ণ অভিজ্ঞতাসমৃদ্ধ৷ শিক্ষার্থী আৰু পৰিয়ালৰ চাপ আঁতৰ কৰিব৷ আনপিনে, এন ই পি বলৱতক লৈ মাই গোভ প’র্টেলত দেশবাসীৰ মতামত বিচৰা প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে এসপ্তাহৰ ভিতৰত এন ই পি সন্দর্ভত দেশজুৰি ১৫ লাখতকৈ অধিক শিক্ষকে পৰামর্শ আগবঢ়াইছে৷

প্রধানমন্ত্রীগৰাকীয়ে পুনৰ কয় যে শ্রেণীকোঠাৰ বেৰৰ মাজতে শিক্ষা সীমাবদ্ধ হৈ থকা উচিত নহয়৷ শিক্ষা বহিঃবিশ্বৰ সৈতে আন্তঃসংযোগ হোৱা উচিত৷

You might also like