ধৰ্ষণকাৰীক ফ্ৰাইড ৰাইছ্ আৰু ছাগলীৰ মঙহেৰে আপ্যায়নঃ তেলেংগানাত প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ হায়দৰাবাদৰ গণধৰ্ষণ কাণ্ডৰ পাচতেই সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিবাদ । এই ধৰ্ষণ কাণ্ডৰে জড়িত চাৰি অপৰাধীৰ ফাঁচীৰ দাবীত এতিয়া তেলেংগানাৰ লগতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ দেশ । অৱশ্যে এই প্ৰতিবাদ আৰু আন্দোলনৰ মাজতে জ্বলা জুইত ঘি ঢালিছে এটা খবৰে । সেই খবৰ অনুসৰি তেলেংগানাৰ চেৰাপল্লীত থকা কেন্দ্ৰীয় কাৰাগাৰত এই চাৰি অভিযুক্তক আপ্যায়ন কৰা হৈছে হায়দৰাবাদী ফ্ৰাইড ৰাইছ্ আৰু ছাগলীৰ মঙহেৰে । এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া অধিক প্ৰতিবাদমুখৰ হৈ পৰিছে জনগণ । কিয়নো গণধৰ্ষণ কাণ্ডৰে জড়িত চাৰি অভিযুক্ত জল্লু শিবা, মহম্মদ আৰিফ, জল্লু নবীন আৰু চিন্তাকুন্তাক গ্ৰেপ্তাৰ কৰাৰ পাচতেই দেশজুৰি ফাঁচীৰ দাবী তুলিছিল সকলোৱে ।
অৱশ্যে ফ্ৰাইড ৰাইছ আৰু ছাগলীৰ মঙহৰ সন্দৰ্ভত কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি কাৰাগাৰৰ খাদ্য তালিকাৰ মতেহে দিয়া হৈছে এই খাদ্য । দেওবাৰে ৰাতিৰ খাদ্য তালিকাত থকা ফ্ৰাইড ৰাইছ্ আৰু ছাগলীৰ মাংসৰ বাবেই সকলো কয়দীকে দিয়া হৈছিল এই খাদ্য ।