নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ পুনৰ অসমীয়াৰ স্বাভিমানত আঘাত হানি দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰিলে বিলাসীপাৰাৰ আছুৰ কাৰ্যালয়। লগতে অসমীয়াৰ অহংকাৰ ভূপেন হাজৰিকা, বিষ্ণু ৰাভাৰ আলোকচিত্ৰ ফালি, চকী-মেজ ভাঙি নিশা তাণ্ডৱ চলাই দুৰ্বত্তই। CABৰ বিৰোধিতা কৰাৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে আছুৰ সদস্যই। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।
You might also like