নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এছ অ’পেনৰ ফাইনেলত ডমিনিক–জেৰেভ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ক’ৰোনাৰ আতংকৰ মাজতে নিউয়র্কত অনুষ্ঠিত ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষ শাখাৰ ছিংগলছৰ শ্রেষ্ঠত্বৰ যুঁজত নামিব দ্বিতীয় বাছনিপ্রাপ্ত অষ্ট্রিয়াৰ ডমিনিক থিম আৰু পঞ্চম বাছনিপ্রাপ্ত জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভে৷ সন্মানীয় গ্রেণ্ডশ্লামখনৰ আর্থুৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেল মেচ এখনত দ্বিতীয় বাছনিৰ ডমিনিকে তৃতীয় বাছনিপ্রাপ্ত ৰাছিয়াৰ ডানিল মেডভেডেভক পৰাস্ত কৰি খিতাপ যুঁজত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়৷

চলিত বর্ষত দ্বিতীয়বাৰৰ বাবে গ্রেণ্ডশ্লামৰ ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা অষ্ট্রিয়াৰ খেলুৱৈগৰাকীয়ে মেডভেডেভক কঠিন যুঁজৰ অন্তত ৬–২, ৭–৬ (৯–৭), ৭–৬ (৭–৫) ছেটত পৰাস্ত কৰে৷ মেচখনৰ প্রথমটো ছেট সহজে দখল কৰি ডমিনিকে সুন্দৰ আৰম্ভণি কৰিছিল যদিও পৰৱর্তী দুয়োটা ছেট দখল কৰাৰ বাবে ৰাছিয়াৰ মেডভেডেভৰ পৰা কঠিন প্রত্যাহ্বান লাভ কৰিছিল৷ অৱশ্যে ডমিনিকে টাইব্রেকাৰৰ সহায়ত দুয়োটা ছেট দখল কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে অষ্ট্রিয়াৰ খেলুৱৈগৰাকীয়ে চলিত বর্ষৰ অষ্ট্রেলিয়ান অ’পেনৰো ফাইনেলত প্রৱেশ কৰিছিল আৰু ছার্বিয়াৰ ন’ভাক জক’ভিচৰ হাতত পৰাস্ত হৈ ৰানার্ছআপতে ক্ষান্ত থাকিবলগীয়া হৈছিল৷ ইফালে, আর্থুৰ এছ ষ্টেডিয়ামতে অনুষ্ঠিত আনখন ছেমিফাইনেলত পঞ্চম বাছনিৰ জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভে স্পেইনৰ পাবল’ কাৰেন’ বুষ্টাক মাৰাথন যুঁজৰ অন্তত পৰাস্ত কৰি ফাইনেল খেলাৰ পথ মুকলি কৰে৷ কেৰিয়াৰত প্রথমবাৰৰ বাবে গ্রেণ্ডশ্লামৰ ফাইনেলত প্রৱেশ কৰা জেৰেভে পাবল’ কাৰেন’ক ৩–৬, ২–৬, ৩–৬, ৬–৪ আৰু ৬–৩ ছেটত পৰাস্ত কৰে৷ প্রথম দুয়োটা ছেটত পৰাস্ত হোৱাৰ পিছত দুর্দান্ত প্রদর্শন দাঙি ধৰি পৰৱর্তী তিনিওটা ছেট দখল কৰি খিতাপ যুঁজত প্রৱেশ কৰে জেৰেভে৷

উল্লেখ্য যে ১৪ ছেপ্ঢেম্বৰত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত যদি জেৰেভ চেম্পিয়ন হয়, তেতিয়াহ’লে ১৯৯৬ চনত অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ দখল কৰা ব’ৰিছ বেকাৰৰ পিছত গ্রেণ্ডশ্লামৰ খিতাপ দখল কৰা জেৰেভ হ’ব জার্মানীৰ প্রথমগৰাকী খেলুৱৈ৷ ইফালে, সন্মানীয় গ্রেণ্ডশ্লামখনৰ মহিলা শাখাৰ খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব চতুর্থ বাছনিপ্রাপ্ত জাপানৰ নাওমি অ’ছাকা আৰু বেলাৰুছৰ ভিক্টোৰিয়া আজাৰেংকাই৷ ছেমিফাইনেলত অ’ছাকাই জেনিভাৰ ব্রেডিক আৰু আজাৰেংকাই তৃতীয় বাছনিৰ ছেৰেনা উইলিয়ামছক পৰাস্ত কৰিছিল৷

You might also like