নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ নির্বাচনক লৈ নীতিশ কুমাৰ–জেপি নাড্ডাৰ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ বিহাৰৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা নকৰিলেও ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচনী ব্যস্ততা আৰম্ভ হৈছে৷ এনডিএৰ সহযোগী দলসমূহৰ মাজত আসন ভাগ–বাটোৱাৰাক লৈ আজি বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ আৰু বিজেপি ৰাষ্ট্রীয় সভাপতি জগত প্রকাশ নাড্ডাৰ মাজত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী সুশীল কুমাৰ মোদী, বিহাৰৰ পর্যবেক্ষণ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ভূপেন্দ্র যাদৱ, ৰাজ্যিক বিজেপি সভাপতি সঞ্জয় জয়ছোৱালৰ সৈতে ৰাষ্ট্রীয় সভাপতি নাড্ডাই মুখ্যমন্ত্রী কুমাৰৰ চৰকাৰী বাসগৃহত আজি নির্বাচনক লৈ বৈঠকত মিলিত হয়৷ এই বৈঠকখন প্রায় এঘণ্টা ধৰি চলে৷ উল্লেখ্য যে ৰামবিলাস পাছোৱানৰ দল এলজেপিৰ লগতে এনডিএৰ সহযোগী দলসমূহৰ আসন বুজাবুজিৰ বিষয়টো বৈঠকত বিতংভাৱে আলোচনা কৰা হয়৷ মন কৰিবলগীয়া যে এলজেপিৰ সভাপতি ছিৰাগ পাছোৱানৰ সৈতে মুখ্যমন্ত্রী কুমাৰৰ মতানৈক্য চলি থকাত এনডিএৰ সহযোগী দলৰ মাজত কিছু অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে৷

You might also like