নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ বছৰ পুৰণি গোচৰঃ পঞ্জাবৰ প্রাক্তন ডিজিপিলৈ গ্রেপ্তাৰী পৰোৱানা

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ২৯ বছৰ পুৰণি গোচৰ এটাত পঞ্জাবৰ প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান সুমেধ সিং চাইনীলৈ গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে মোহালিৰ এখন আদালতে৷ উল্লেখ্য যে ১৯৯১ চনত বলৱন্ত সিং মূলতানি সন্ধানহীন গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত প্রাক্তন ডিজিপি ছাইনীলৈ কালি মোহালিৰ আদালতে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰে।

আদালতখনে লগতে ২৫ ছেপ্টেম্বৰৰ ভিতৰত আৰক্ষীক প্রাক্তন জিডিপি ছাইনীক আদালতত হাজিৰ কৰিবলৈ নির্দেশ দিয়ে৷ পঞ্জাব আৰক্ষীৰ বিশেষ অনুসন্ধান গোটে প্রাক্তন ডিজিপিজনক গ্রেপ্তাৰ কৰিবলৈ চেষ্টা চলাই আহিছে যদিও আজিলৈকে সক্ষম হোৱা নাই৷

ইপিনে, পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এই গোচৰত প্রাক্তন ডিজিপিজনে আবেদন জনোৱা অন্তর্ৱর্তীকালীন জামিন নাকচ কৰিছে৷ উল্লেখ্য যে বিগত মাহত পঞ্জাব আৰক্ষীয়ে বলৱন্ত মূলতানি সন্ধানহীন গোচৰত আইপিচি ৩০২ ধাৰাৰ অধীনত দুগৰাকী প্রাক্তন আৰক্ষী বিষয়াসহ ডিজিপিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷

You might also like