নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত তিনিটা পেট্র’লিয়াম প্রকল্প মুকলি মোদীৰ

নির্বাচনৰ পূর্বে দেশবাসীলৈ উৎসর্গাঃ নীতিশ কুমাৰক ভূয়সী প্রশংসা

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ  বিহাৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা হ’বলৈ কেইটামান দিন বাকী থকা অৱস্থাতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিহাৰত পেট্র’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা প্রকল্প দেওবাৰে দেশবাসীৰ বাবে উৎসর্গা কৰিছে৷ ভিডি’অ কনফাৰেঞ্চিঙৰ জৰিয়তে প্রধানমন্ত্রীগৰাকীয়ে দেশৰ জনসাধাৰণৰ কল্যাণৰ স্বার্থত এই প্রকল্প তিনিটা উৎসর্গা কৰাৰ লগে লগে হিন্দী বলয়ৰ ৰাজ্যখনত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ এই তিনিটা প্রকল্পৰ ভিতৰত আছে পাৰাদ্বীপ–হালদিয়া–দ্ পাইপলাইন প্রকল্পৰ দুর্গাপুৰ–বাংকা শাখা আৰু দুটাকৈ এল পি জি বটলিং প্লেণ্টো প্রধানমন্ত্রীগৰাকীয়ে দেওবাৰে দেশবাসীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছে৷ লক্ষণীয়ভাৱে মোদী চৰকাৰে বিহাৰৰ বাবে ১০টাকৈ বৃহৎ পেট্র’লিয়াম আৰু গেছ প্রকল্প মুকলি কৰিব বুলি সিদ্ধান্ত লৈছিল৷ এই প্রকল্পসমূহত কেন্দ্রীয় চৰকাৰে ২১ হাজাৰ কোটি টকা খৰচ কৰিব৷ ইতিমধ্যে ১০টা প্রকল্পৰ ৭টাৰ কাম সম্পূর্ণ হৈ উঠিছে ৰাজ্যখনত৷ আজি প্রধানমন্ত্রীগৰাকীয়ে এই প্রকল্প তিনিটা আনুষ্ঠানিকভাৱে মুকলি কৰি বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰক ভূয়সী প্রশংসাও কৰে৷ বিগত ১৫ বছৰত বিহাৰত যোগ্য চৰকাৰ, বলিষ্ঠ সিদ্ধান্ত আৰু নীতিয়ে উন্নয়ন ক্ষিপ্রতৰ কৰি তোলা বুলিও উল্লেখ কৰে মোদীয়ে৷ বিহাৰৰ সকলো খণ্ডতে কেন্দ্রীয় চৰকাৰে ক্ষিপ্র উন্নয়ন বিচাৰে বুলিও প্রধানমন্ত্রীগৰাকীয়ে দেওবাৰে ঘোষণা কৰিছে৷ নতুন ভাৰত আৰু নতুন বিহাৰ নির্মাণৰ ক্ষেত্রত নীতিশ কুমাৰে বলিষ্ঠ ভূমিকা গ্রহণ কৰা বুলিও দেওবাৰে প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰে৷

You might also like